অসম

assam

By

Published : Sep 20, 2020, 10:50 PM IST

ETV Bharat / sitara

সুশান্তৰ প্ৰতিমূৰ্তি নিৰ্মান কৰাৰ বাবে সুশান্ত ৰায়ক ধন্যবাদ জ্ঞাপন সুশান্ত সিং ৰাজপুতৰ ভগ্নীৰ

প্ৰতিমূৰ্তিটো নিৰ্মান কৰা সন্দৰ্ভত মন্তব্য কৰি ভাস্কৰ্য শিল্পী সুশান্ত ৰায়ে কয় যে, "মোৰ আৰু সুশান্তৰ প্ৰথম নামটো একে ৷ মই এজন ভাস্কৰ্য শিল্পী আৰু তেখেত অভিনেতা ৷ মই এইদৰেই তেখেতৰ সৈতে নিজকে সংযোগ কৰিছো ৷ কাৰণ প্ৰতিমূৰ্তিক জীৱন্ত আপুনি তেতিয়ালৈকে কৰিব নোৱাৰে যেতিয়ালৈকে আপুনি সেই ব্যক্তিজনৰ চৰিত্ৰত সোমাই পৰিব নোৱাৰে ৷ মই সুশান্তক ব্যক্তিগতভাৱে কেতিয়াও লগ পোৱা নাই ৷ কেৱল তেখেতৰ ছবি চাইহে মই প্ৰতিমূৰ্তিটো নিৰ্মান কৰিছো ৷ গতিকে ইয়াত মাপ লোৱাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে ৷ "

Sushant Singh Rajput's sister praises Bengal sculptor for creating actor's wax statue
সুশান্তৰ প্ৰতিমুৰ্তি নিৰ্মান কৰাৰ বাবে সুশান্ত ৰায়ক ধন্যবাদ জ্ঞাপন সুশান্ত সিং ৰাজপুতৰ ভগ্নীৰ

চিটাৰা ডেক্স, 20 ছেপ্তেম্বৰঃ পশ্চিম বংগৰ আঞ্চোলৰ প্ৰবীণ ভাস্কৰ্য শিল্পী সুশান্ত ৰায়ে নিৰ্মান কৰি উলিওৱা প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ ম’মৰ প্ৰতিমূৰ্তিয়ে ইতিমধ্যে দেশজুৰি যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ প্ৰয়াত অভিনেতাগৰাকীৰ এই প্ৰতিমূৰ্তিটো দেখি যথেষ্ট উৎফুল্লিত হৈ পৰিছে তেখেতৰ ভগ্নী শ্বেতা সিং কীৰ্তি ৷ তেখেতে সামাজিক মাধ্যমযোগে প্ৰতিমূৰ্তিটো নিৰ্মান কৰি থকা এটি ভিডিঅ’শ্বেয়াৰ কৰি "এনে লাগিছে যেন ভাইটি আমাৰ মাজতে আছে! ধন্য়বাদ" বুলি কৃতজ্ঞতা আৰু মৰম প্ৰকাশ কৰে ৷

আনহাতে, প্ৰতিমূৰ্তিটো নিৰ্মান কৰা সন্দৰ্ভত মন্তব্য কৰি ভাস্কৰ্য শিল্পী সুশান্ত ৰায়ে কয়, "মোৰ আৰু সুশান্তৰ প্ৰথম নামটো একে ৷ মই এজন ভাস্কৰ্য শিল্পী আৰু তেখেত অভিনেতা ৷ মই এইদৰেই তেখেতৰ সৈতে নিজকে সংযোগ কৰিছো ৷ কাৰণ প্ৰতিমূৰ্তিক জীৱন্ত আপুনি তেতিয়ালৈকে কৰিব নোৱাৰে যেতিয়ালৈকে আপুনি সেই ব্যক্তিজনৰ চৰিত্ৰত সোমাই পৰিব নোৱাৰে ৷ মই সুশান্তক ব্যক্তিগতভাৱে কেতিয়াও লগ পোৱা নাই ৷ কেৱল তেখেতৰ ছবি চাইহে মই প্ৰতিমুৰ্তিটো নিৰ্মান কৰিছো ৷ গতিকে ইয়াত মাপ লোৱাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে ৷ "

মই আঞ্চোলত এটা ম’মৰ মূৰ্তিৰ সংগ্ৰহালয় নিৰ্মানৰ কথা চিন্তা কৰিছো ৷ এই প্ৰতিমূৰ্তিটো মোৰ অন্যান্য মুৰ্তিসমূহৰ সৈতে তাতেই প্ৰতিষ্ঠা কৰা হ’ব ৷ মই জানো তেখেতৰ পৰিয়ালবৰ্গই তেখেতৰ মূৰ্তি মেডাম টুছো সংগ্ৰহালয়ে নিৰ্মান কৰাটো বিচাৰে কিন্তু যদি তেঁওলোকে বিচাৰে মই তেখেতৰ আন এটা ম’মৰ প্ৰতিমূৰ্তি নিৰ্মান কৰি উলিয়াম ৷ তেখেত এতিয়া আমাৰ মাজত নাই কিন্তু আমি তেখেতে ন্যায় পোৱাটো বিচাৰো ৷

লগতে পঢ়ক-ইটিভি ভাৰতৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত কি ক'লে জুবিন গাৰ্গে ?

ABOUT THE AUTHOR

...view details