নিউজ ডেস্ক, 23 ডিচেম্বৰ : ছানি দেউল অভিনীত ৰোমান্টিক এক্সনধৰ্মী ছবি "গদাৰ ২"ৰ চিত্ৰগ্ৰহণ সমাপ্ত হৈছে ৷ অভিনেতাগৰাকীয়ে বুধবাৰে তেওঁৰ ইষ্টাগ্ৰাম(Sunny Deol Instagram)ত এখন ফটো শ্বেয়াৰ কৰি প্ৰকাশ কৰে এই কথা ৷ ছবি নিৰ্দেশক অনিল শৰ্মাৰ নিৰ্দেশনাত 2001 চনত মুক্তি লাভ কৰিছিল গদাৰ: এক প্ৰেম কথা ছবিখনে ৷ ভাৰত-পাক বিভাজনৰ সময়ত এজন এগৰাকী শিখ ট্ৰাক চালক আৰু পাকিস্তানী উচ্চজাত মুছলমান যুৱতীৰ প্ৰেমৰ কাহিনীৰ আলমত নিৰ্মাণ কৰা হৈছিল ছবিখন ৷
ছবিখনত শিখ ট্ৰাক চালক তাৰা সিং (ছানী দেওল) আৰু পাকিস্তানী উচ্চজাত মুছলমান যুৱতী ছাকিনা(আমিশা পেটেল)ৰ প্ৰেমৰ কাহিনীয়ে সেই সময়ত দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷ দৰ্শকৰ মনত আজিও সজীৱ হৈ আছে তাৰা সিং আৰু ছাকিনাৰ এই প্ৰেম কাহিনী ৷ ছবিখনৰ মুক্তিৰ প্ৰায় 20 বছৰ সম্পূৰ্ণ হোৱাৰ সময়তে ছবিখনৰ নিৰ্মাতাই গদাৰ: এক প্ৰেম কথা ছিকুৱেল নিৰ্মাণৰ কথা ঘোষণা কৰে ৷ গদাৰ: এক প্ৰেম কথা ছিকুৱেল গদৰ 2 চিত্ৰগ্ৰহণ হিমাচল প্ৰদেশত কৰা হৈছিল আৰু ২৫ দিনত সময়সূচী নিৰ্ধাৰণ কৰা হৈছিল ৷