অসম

assam

ETV Bharat / sitara

আমেৰিকাত উজলিল 'পাখি লগা মন' চুটি ছবি - জোনমণি দেৱী খাউণ্ডৰ পৰিচালিত পাখি লগা মন

পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমীয়া চুটি ছবি ৷ হিউমেনিটেৰিয়ান শিতানত বঁটা লাভ কৰিলে জোনমণি দেৱী খাউণ্ডৰ পৰিচালিত 'পাখি লগা মন’ (উইংছ অৱ মাইণ্ডে) ৷

আমেৰিকাত উজলিল 'পাখি লগা মন' চুটি ছবি
আমেৰিকাত উজলিল 'পাখি লগা মন' চুটি ছবি

By

Published : Jan 30, 2020, 8:53 AM IST

গুৱাহাটী, 30 জানুৱাৰীঃ আমেৰিকাত অনুষ্ঠিত হোৱা চুটি ছবি প্ৰতিযোগিতাত সফলতা লাভ কৰিবলৈ সক্ষম হ’ল অসমীয়া চুটি ছবিয়ে ৷ হিউমেনিটেৰিয়ান শিতানত বঁটা লাভ কৰিলে জোনমণি দেৱী খাউণ্ডৰ পৰিচালিত ‘‘পাখি লগা মন’’(উইংছ অৱ মাইণ্ড) নামৰ চুটি ছবিখনে । বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 22 হাজাৰ চুটি ছবিৰ ভিতৰত মুঠ 31 খন ছবিয়ে এই শিতানত শ্ৰেষ্ঠত্বৰ হিচাপে নিৰ্বাচিত হৈছে ।

'পাখি লগা মন' চুটি ছবি

ইয়াৰে ভিতৰত সন্মান লাভ কৰিবলৈ সক্ষম হয় উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ চুটি ছবি পাখি লগা মনে। চুটি ছবিখনে আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হোৱা বাবে উৎফুল্লিত হৈ পৰিছে ছবিখনৰ লগত জড়িত সকলো কলা-কুশলী ।

জোনমণি দেৱী খাউণ্ডৰ পৰিচালিত 'পাখি লগা মন’

উল্লেখযোগ্য যে, লক্ষীপ্ৰভা বৰদলৈ নামৰ এগৰাকী অসমীয়া শিপিনীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই চুটি ছবিখন । মহিলা সৱলীকৰণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিয়ে সমাজকৰ্মী তথা পৰিচালক জোনমণি দেৱী খাউণ্ডে নিৰ্মাণ কৰিছিল পাখি লগা মন (উইংছ অৱ মাইণ্ড) নামৰ এই চুটি ছবিখন । ইতিমধ্যেই আন্তঃৰাষ্ট্ৰীয় সন্মানৰ উপৰিও আন কেইবাটাও সন্মান লাভ কৰিবলৈ সক্ষম হৈছে চুটি ছবিখনে ৷

লগতে চাওক- মোক মাতিলেও নাযাওঁ ফিল্ম ফেয়াৰলৈ, হেমামালিনীক মোক নালাগে : তৰুণ গগৈ

ABOUT THE AUTHOR

...view details