অসম

assam

মুকলি হ'ল দাবাংগ-থ্ৰিৰ প্ৰথমখন ফটো

By

Published : Apr 3, 2019, 10:13 AM IST

চলমান খানে ইনষ্টাগ্ৰামযোগে প্ৰকাশ কৰে এই ফটোখন

মুকলি হ'ল দাবাংগ-থ্ৰিৰ প্ৰথমখন ফটো

নিউজ ডেক্স,৩ এপ্ৰিলঃ দাবাংগ-থ্ৰিক লগত লৈ পুনৰ উভতিছে চুলবুল পাণ্ডে । দাবাংগ-থ্ৰিত বলিউডৰ পাৱাৰ হাউছখ্যাত অভিনেতা চলমান খানক পুনৰ চুলবুল পাণ্ডে ৰূপত দেখিবলৈ পাব অনুৰাগীসকলে । শেহতীয়াকৈ চলমানখানে শ্বুটিং লোকেশ্বনৰ পৰা চিনেমাখনৰ প্ৰথমখন ফটো প্ৰকাশ কৰে তেওঁৰ ইনষ্টাগ্ৰাম একাউন্টযোগে ।

ফটোখনত নৰ্মদা নদীৰ পাৰৰ কাষত তোলা এক সুন্দৰ দৃশ্য পৰিলক্ষিত হৈছে । শ্বুটিং ফৰ দাবাংগ থ্ৰি বুলি কেপচনৰে সৈতে ফটোখন ইনষ্টাগ্ৰামত প্ৰকাশ কৰে অভিনেতাজনে ।মিডিয়া ৰিৰ্পোট অনুসৰি দাবাংগ চিৰিজৰ আহিবলগীয়া তৃতীয়খন চলচ্চিত্ৰত চুলবুল পাণ্ডেৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিব সোনাক্ষী সিন্হাই । আশা কৰা হৈছে চলচ্চিত্ৰখন চলিত বৰ্ষৰ বৰদিনৰ সময়ছোৱাতে মুক্তি পাব।

ABOUT THE AUTHOR

...view details