অসম

assam

ETV Bharat / sitara

Arranged আৰু Lovebirdsৰ পাচত এইবাৰ দৰ্শকৰ মাজলৈ The Radio Guy - KC Digital Films

দৰ্শকৰ মাজলৈ আহিল নতুন অসমীয়া চুটি ছবি The Radio Guy ৷ এগৰাকী আৰ জে(Radio Jockey)ৰ জীৱন কাহিনীক লৈ নিৰ্মিত হৈছে The Radio Guy নামৰ ছবিখন ৷ ‘Arranged’ আৰু ‘Lovebirds’ ৰ সফলতাৰ পাচতে এইবাৰ কে চি ডিজিটেল ফিল্মছ(KC Digital Films)এ দৰ্শকলৈ বুলি আগবঢ়াইছে এই নতুন ছবি ৷

kc digital films released new assamese movie the radio guy
kc digital films released new assamese movie the radio guy

By

Published : Aug 13, 2021, 1:28 PM IST

চিটাৰা ডেস্ক, 13 আগষ্ট : ‘Arranged’ আৰু ‘Lovebirds’ ৰ সফলতাৰ পাচতে কেচি ডিজিটেল ফিল্মছ(KC Digital Films)এ 'The Radio Guy' শীৰ্ষক আন এখন ছবি দৰ্শকলৈ বুলি আগবঢ়াই দিছে ৷ এজন আৰ জে(Radio Jockey)ৰ জীৱন যাত্ৰাৰ ওপৰত নিৰ্মিত ছবিখনৰ মুখ্য চৰিত্ৰত শশাংক সমীৰে অভিনয় কৰিছে ৷

শশাংক সমীৰৰ সৈতে ছবিখনত অভিনেতা বাদল আৰিয়ন সিনহা, হীৰা নেওগ আৰু হৰ্ষ সিদ্ধান্তই আন আন চৰিত্ৰত অভিনয় কৰিছে ৷ সমুজ্জল কাশ্যপৰ পৰিচালনাৰে নিৰ্মিত ছবিখনৰ কাহিনী লিখিছে হৰ্ষ সিদ্ধান্তই ৷

  • https://youtu.be/dJwVJID1szo

ছবিখনৰ title song টোত জনপ্ৰিয় কণ্ঠশিল্পী জয় বৰুৱাই কণ্ঠদান কৰিছে ৷ গীতটো ৰচনা কৰিছে হৰজিৎ ডিয়াজে ৷ উল্লেখ্য যে ডিয়াজে ছবিখনৰ সংগীতো পৰিচালনা কৰিছে ৷ সমুজ্জল কাশ্যপে অম্বৰীশ বৰকটকীৰ সৈতে ছবিখনৰ দৃশ্যগ্ৰহণ আৰু সম্পাদনা কৰিছে ৷

লগতে পঢ়ক:অসমীয়া ছবি ‘God on the Balcony’ লৈ আন্তঃৰাষ্ট্ৰীয় বঁটা

ABOUT THE AUTHOR

...view details