নিউজ ডেস্ক 23 মাৰ্চঃ- বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জীৱনভিত্তিক ছবি ‘পি এম নৰেন্দ্ৰ মোডী’ৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পাচতেই বিতৰ্কৰ সূত্ৰপাত ঘটিছে ।
বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱনক লৈ নিৰ্মাণ কৰা এই ছবিখনৰ গীত ৰচনা কৰাক লৈ বিশিষ্ট গীতিকাৰ জাভেদ আখতাৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ৷ বুধবাৰে মুম্বাইত আনুষ্ঠানিকভাৱে ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পাচতেই বিশিষ্ট গীতিকাৰগৰাকীয়ে অসন্তুষ্টি প্ৰকাশ কৰি কয়, ছবি খনৰ ট্ৰেইলাৰত মোৰ নামৰ কৃতজ্ঞতা দেখি আচৰিত হৈছো৷
‘পি এম নৰেন্দ্ৰ মোডী’ৰ গীত ৰচনা কৰা নাইঃ জাভেদ আখতাৰ - condems
প্ৰধানমন্ত্ৰীৰ জীৱনভিত্তিক ছবি ‘পি এম নৰেন্দ্ৰ মোডী’ৰ ট্ৰেইলাৰৰ মুক্তিৰ পাচতেই বিতৰ্ক
জাভেদ আখতাৰে গীতিকাৰ প্ৰসুন যোশী, সমীৰ, অভেন্দু কুমাৰ উপাধ্যায়, সাৰদা, পেৰী জী আৰু লৱৰাজৰ লগত তেওঁৰ নামটো উল্লেখ কৰা এখন ছবি টুইটাৰযোগে প্ৰকাশ কৰি কয়" মই ছবি খনৰ প'ষ্টাৰত নিজৰ নাম দেখি আচৰিত হৈছো৷ মই ছবিখনৰ বাবে কোনো গীত ৰচনা কৰা নাই৷"
উল্লেখ্য যে মোদীৰ জীৱনভিত্তিক এই ছবিখনত মোদীৰ চৰিত্ৰত অভিনয় কৰিব অভিনেতা বিবেক অৱৰয়ে।লগতে বলিউদৰ জ্যেষ্ঠ অভিনেতা মনোজ যোশীক অমিত শ্বাহৰ ভূমিকাত দেখা পোৱা যাব৷ ছবি খন 23 টা ভাষাত মুক্তি দিয়া হ'ব৷ ছবি খনৰ পৰিচালনা জনপ্ৰিয় ছবি‘মেৰীকম’ আৰু ‘সৰবজিত’ দৰে ছবি পৰিচালনা কৰা পৰিচালক অমঙ্গ কুমাৰৰ।