অসম

assam

ETV Bharat / sitara

এছ শংকৰৰ পৰৱৰ্তী ছবিত ৰাম চৰণ আৰু কিয়াৰা আদৱানী

প্ৰযোজক শ্ৰী ভেংকটেশ্বৰ ক্ৰিয়েশ্যনে (Sri Venkateswara Creation) আদৱানীৰ ২৯তম জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এই বিশেষ দিনটোত ছবিখনৰ বাবে তেওঁৰ নাম ঘোষণা কৰে । টুইটযোগে অভিনেত্ৰীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ছবিখনৰ কাষ্টিঙৰ বাবে আদৰণি জনায় ক্ৰিয়েশ্যনে ।

Kiara Advani opposite Ram Charan
RC15 ত ৰাম চৰণৰ সৈতে দেখা যাব কিয়াৰা আদৱানীক

By

Published : Jul 31, 2021, 3:24 PM IST

চিটাৰা ডেস্ক, ৩১ জুলাই :ভাৰতীয় চলচ্চিত্ৰ জগতৰ চৰ্চিত পৰিচালক এছ শংকৰৰ আহিবলগীয়া আন এখন ছবি হৈছে 'আৰচি ১৫' (RC15) । এই ছবিখনত দক্ষিণৰ তাৰকা ৰাম চৰণৰ(Ram Charan) বিপৰীতে দেখা যাব অভিনেত্ৰী কিয়াৰা আদৱানীক (Kiara Advani) । ছবি নিৰ্মাতা গোটটোৱে শনিবাৰে ছবিখনৰ বাবে অভিনেত্ৰীগৰাকীৰ নাম ঘোষণা কৰে । উল্লেখ্যে ২০১৯ চনৰ তেলেগু একচন ছবি 'বিনয় বিধেয়া ৰামা'ৰ পিছত এই ছবিখনত দুয়োগৰাকী অভিনেতা অভিনেত্ৰীক একেলগে দেখা যাব ।

প্ৰযোজক শ্ৰী ভেংকটেশ্বৰ ক্ৰিয়েশ্যনে (Sri Venkateswara Creation) আদৱানীৰ ২৯তম জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এই বিশেষ দিনটোত ছবিখনৰ বাবে তেওঁৰ নাম ঘোষণা কৰে । টুইটযোগে অভিনেত্ৰীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ছবিখনৰ কাষ্টিঙৰ বাবে আদৰণি জনায় ক্ৰিয়েশ্যনে । কিছুদিন পিছতে অভিনেত্ৰীগৰাকীৰ পৰৱৰ্তী ছবি 'শ্বেৰশ্বাহ' মুক্তি পাব ।

ইফালে 'আৰচি ১৫'ৰ বাবে চুক্তিবদ্ধ হোৱাৰ পাচতে অভিনেত্ৰীগৰাকীয়ে কয় যে, তেওঁ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ অভিজ্ঞ শিল্পীসকলৰ সৈতে কাম কৰিবলৈ উৎসাহিত আৰু উদ্বিগ্ন হৈ আছে । তেওঁ দৃশ্যগ্ৰহণ আৰম্ভ হোৱা দিনটোলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে আৰু তেওঁ আশা কৰা মতে এই ছবিখনেও যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব ।

'আৰচি ১৫' ছবিখন তেলেগু, তামিল আৰু হিন্দী তিনিটা ভাষাত মুক্তি পাব । শ্ৰী ভেংকটেশ্বৰ ক্ৰিয়েশ্যনৰ বেনাৰত নিৰ্মাণ হ'বলগীয়া ছবিখন দিল ৰাজু আৰু শিৰিষ গাৰুৰ দ্বাৰা যুটীয়াভাৱে প্ৰযোজনা কৰা হৈছে । এই চলচ্চিত্ৰখনৰ উপৰিও আদৱানীক কৰণ জোহৰৰ দ্বাৰা প্ৰযোজিত ছবি 'জুগ জুগ জীয়ো' আৰু আনিস বাজমী পৰিচালিত কমেডি 'ভুল ভুলাইয়া ২' দেখা যাব । ইফালে, ৰাম চৰণক এছ এছ ৰাজামৌলীৰ (S S Rajamouli) পিৰিয়ড একচন ড্ৰামা 'আৰআৰআৰ' (RRR) আৰু তেলেগু চলচ্চিত্ৰ 'আচাৰ্য'ত (Acharya) তেওঁৰ পিতৃ চিৰঞ্জিৱীৰ সৈতে দেখা যাব।

লগতে পঢ়ক :2 আগষ্টত ৰাজ কুন্দ্ৰাৰ জামিন আবেদনৰ ওপৰত আদেশ ঘোষণা কৰিব আদালতে

ABOUT THE AUTHOR

...view details