চিটাৰা ডেস্ক, 2 নৱেম্বৰ : দেওবাৰে পিতৃ-মাতৃ হয় অভিনেত্ৰী অমৃতা ৰাও আৰু তেওঁৰ স্বামী ৰেডিঅ' জকী অনমোল ৷ অমৃতা ৰাওৰ মুখপাত্ৰ গৰাকীয়ে উল্লেখ কৰা অনুসৰি, দুয়োগৰাকীয়ে এটি পুত্ৰ সন্তানৰ অভিভাৱক হয় ৷
ৰাওৰ মুখপাত্ৰ গৰাকীয়ে উল্লেখ কৰা অনুসৰি, অভিনেত্ৰী গৰাকীৰ লগতে তেওঁৰ নৱজাতকটি সম্পূৰ্ণ সুস্থ অৱস্থাত আছে ৷ "পৰিয়ালটো আনন্দিত হোৱাৰ লগতে অমৃতা আৰু অনমোল দুয়োৱে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰা প্ৰতিগৰাকী লোককে ধন্যবাদ জ্ঞাপন কৰে" বুলি তেওঁ এক বিবৃতিত উল্লেখ কৰে ৷