চিটাৰা ডেস্ক, ৬ জানুৱাৰী: আগন্তুক ছবি 'আদিপুৰুষ'ৰ জৰিয়তে দৰ্শকক সত্যযুগলৈ লৈ যোৱাৰ বাবে এক প্ৰকাৰ সাজু হৈছে নিৰ্দেশক ওম ৰাৱত । ছবিখনত বাহুবলী ছবিৰ নায়ক প্ৰভাসে প্ৰভু ৰামৰ চৰিত্ৰ আৰু ছৈফ আলী খানে ৰাৱনৰ চৰিত্ৰ ৰূপায়ণ কৰিব । কিন্তু দৃশ্যগ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বেই এতিয়া ছবিখন বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে । ছৈফ আলী খানৰ এটা মন্তব্যই ছ'চিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত ক্ষমা খুজিবলগীয়া হৈছে ছবি নিৰ্মাতাই ।
নিৰ্দেশক ওম ৰাৱতে ছবি সমালোচকৰ আগত কয় যে, তেওঁ কিয় ৰামায়ণৰ আধাৰত ছবি নিৰ্মাণ কৰিব বিচাৰিছে আৰু প্ৰভাসক ৰামৰ চৰিত্ৰৰ বাবে বাচনি কৰিছে । আনহাতে, ৰাৱনৰ বিষয়ে ছৈফৰ মন্তব্যই ছবি নিৰ্মাতাৰ বাবে সমস্যাৰ সৃষ্টি কৰাৰ কথাও প্ৰকাশ কৰে । তেওঁ কয় যে, ছবি নিৰ্মাতা হিচাপে আমি সদায়ে ৰক্ষাকাৰী ৰূপে থাকিব লাগে । ইয়াৰ অৰ্থ হ'ল যে, নিৰ্দেশক-লিখক হিচাপে নিজৰ কলাক প্ৰকাশ কৰাতো সকলোৱে বিচাৰে, যাতে ছবিৰ মুক্তিৰ পূৰ্বৰে পৰা চৰ্চা লাভ কৰিব পাৰি ।