অসম

assam

ETV Bharat / sitara

চাউদাম্পটনৰ বেলকনিৰ পৰা টছৰ ফটো শ্বেয়াৰ অনুস্কাৰ

অভিনেত্ৰী তথা চলচিত্ৰ প্ৰযোজক অনুষ্কা শৰ্মাই স্বামী তথা ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু পাঁচ মহীয়া কন্যা ভমিকা কোহলীৰ সৈতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (World Test Championship) ফাইনেল মেচখন উপভোগ কৰিবলৈ ইংলেণ্ডৰ চাউদাম্পটনলৈ গৈছে ৷

By

Published : Jun 19, 2021, 10:42 PM IST

WTC final: Anushka Sharma shares glimpse of toss from 'bedroom balcony' - see pic
চাউদাম্পটনৰ বেলকনিৰ পৰা টছ ফটো শ্বেয়াৰ

স্প’ৰ্টছ ডেস্ক, 19 জুন :অভিনেত্ৰী তথা চলচিত্ৰ প্ৰযোজক অনুষ্কা শৰ্মা (Anushka Sharma) ই শনিবাৰে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (World Test Championship) ফাইনেলৰ ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ মেচখনৰ এখন ফটো শ্বেয়াৰ কৰে ৷ অনুষ্কা (Anushka Sharma)ই স্বামী তথা ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু পাঁচমহীয়া কন্যা ভমিকা কোহলীৰ সৈতে ইংলেণ্ডৰ চাউদাম্পটনত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (World Test Championship) ফাইনেল মেচখন উপভোগ কৰিবলৈ গৈছে ৷ অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত মেচখনৰ টছৰ এখন ফটো শ্বেয়াৰ কৰে ৷ অনুষ্কা (Anushka Sharma)ই ফটোখনৰ তলত "আজি শোৱনি কোঠাৰ বেলকনিৰ পৰা টছ" বুলি এটা কেপছন দি ফটোখন শ্বেয়াৰ কৰে ।

চাউদাম্পটনৰ বেলকনিৰ পৰা টছ ফটো শ্বেয়াৰ

টেষ্ট মেচৰ ৱৰ্ল্ড কাপ হিচাপে অভিহিত কৰা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল (World Test Championship final) ত ক্ৰিকেটৰ শীৰ্ষস্থানৰ দুটা দল ভাৰত আৰু নিউজিলেণ্ড ৷ দুয়ো দলৰ নেতৃত্ব বহন কৰিছে ক্ৰমে বিৰাট কোহলী (Virat Kohli) আৰু কেন উইলিয়ামছনে (Kane Williamson) । নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় ।

লগতে পঢ়ক :WTC ফাইনেল: আজি সমুখ সমৰত ভাৰত-নিউজিলেণ্ড

ABOUT THE AUTHOR

...view details