অসম

assam

ETV Bharat / sitara

বিকী কৌশলৰ বাইকৰ পিছৰ ছিটত কেটৰীণাৰ পৰিৱৰ্তে বহিল ছাৰা

মধ্য প্ৰদেশৰ ইন্দোৰৰ অলিয়ে গলিছে চলিছে বলীউড অভিনেতা বিকী কৌশলৰ বাইক । পিছে লগত নাই নৱ বিবাহিতা পত্নী কেটৰীণা কাঈফ । বিকীৰ বাইকৰ পিছৰ ছিটত বহিছে ছাৰা আলী খান(Vicky-Sara's bike ride in Indore) । বাইক ৰাইডৰ ফটো এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত ।

By

Published : Dec 27, 2021, 6:08 PM IST

Vicky Kaushal upcoming film
বিকী কৌশল-ছাৰা আলী খানৰ পৰৱৰ্তী ছবি

চিটাৰা ডেস্ক, ২৭ ডিচেম্বৰ: হিট ছবিৰ বাবেই হওক অথবা বিবাহক লৈয়ে হওক, চৰ্চাত আছে বলীউড অভিনেতা বিকী কৌশল । শেহতীয়াকৈ মোহময়ী অভিনেত্ৰী কেটৰীণা কাঈফৰ সৈতে সম্পন্ন হোৱা বিবাহক লৈ প্ৰায়েই বিকী কৌশল চৰ্চালৈ আহিছিল । এইবাৰ পিছে আন এক কাৰণতহে পুনৰ শিৰোনাম দখল কৰিছে বিকীয়ে । বিকী আৰু অভিনেত্ৰী ছাৰা আলী খানৰ এখন ফটো ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত(Vicky-Sara's bike ride image goes viral) ।

কেটৰীণাৰ সৈতে ৰাজস্থানত বিবাহৰ বাবে সাজু হোৱাৰ আগতেই, বিকীয়ে ছাৰা আলী খানৰ সৈতে তেওঁৰ পৰৱৰ্তী ছবিখনৰ শ্বুটিং আৰম্ভ কৰিছিল । ছবিখনৰ নাম এতিয়াও ঠিৰাং কৰা হোৱা নাই । লক্ষ্মণ ইউটেকাৰৰ দ্বাৰা পৰিচালিত ৰোমাণ্টিক কমেডি ছবিখন দীনেশ বিজনৰ বেনাৰ মোডক ফিল্মছে নিৰ্মাণ কৰিছে(Vicky Kaushal-Sara Ali Khan's upcoming film) ।

ছবি নিৰ্মাতাই বিকী আৰু ছাৰাৰ এই ছবিখনৰ কথা ৰাজহুৱা কৰা নাই যদিও মধ্য প্ৰদেশৰ ইন্দোৰত শ্বুটিং চলি থকা সময়ৰ এখন ফটোত দুয়োকে একেলগে দেখা পোৱা গৈছে । এই ফটোখনক লৈ এতিয়া ব্যাপক চৰ্চা চলিছে ।

ভাইৰেল হোৱা ফটোখনত, বিকীক বাইক চলাই থকা দেখা আৰু শাৰী পৰিহিতা ছাৰাক পিছৰ ছিটত বহি থকা দেখা গৈছে । ইয়াৰ পূৰ্বে আদিত্য ধৰৰ বহু চৰ্চিত ছবি "দ্য ইমমৰ্টেল অশ্বত্থামা"ত বিকীৰ বিপৰীতে ছাৰাই অভিনয় কৰিব বুলি চৰ্চা চলিছিল । আনহাতে, শেহতীয়াকৈ মুক্তি লাভ কৰা "অতৰংগী ৰে"ৰ বাবে ছাৰাই ইতিবাচক সমালোচনাও লাভ কৰিছে ।

লগতে পঢ়ক:Salman Khan bitten by Snake: অভিনেতা ছলমান খানক দংশন কৰিলে সাপে

ABOUT THE AUTHOR

...view details