অসম

assam

By

Published : Jul 21, 2020, 7:25 PM IST

ETV Bharat / sitara

মুক্তি পালে শকুন্তলা দেৱী ছবিখনৰ প্ৰথমটো গীত

বিদ্যা বালনে পাঁচ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে ভাৰ্ছুৱেলী মুকলি কৰিলে শকুন্তলা দেৱী ছবিখনৰ প্ৰথমটো গীত ৷ এটা ভাৰ্ছুৱেল ইভেন্টৰ জৰিয়তে 100তকৈ অধিক চহৰৰ 5000 ল'ৰা-ছোৱালীৰ সৈতে মুকলি কৰিলে ছবিখনৰ পাচ নহী তহ ফেল শীৰ্ষক গীতটো ৷

vidya balan virtually launches 1st shakuntala devi song with 5k school kids
মুক্তি পালে শকুন্তলা দেৱী ছবিখনৰ প্ৰথমটো গীত

চিটাৰা ডেস্ক,21 জুলাইঃ এমেজন প্ৰাইম ভিডিঅ'ৰ এটা ভাৰ্ছুৱেল ইভেন্টত মুক্তি পালে বিদ্যা বালনৰ আগন্তুক ছবি শকুন্তলা দেৱীৰ প্ৰথমটো গীত ৷ ছবিখনৰ মুখ্য অভিনেত্ৰী বিদ্যা বালনে এই ভাৰ্ছুৱেল ইভেন্টৰ জৰিয়তে 100তকৈ অধিক চহৰৰ 5000 ল'ৰা-ছোৱালীৰ সৈতে মুকলি কৰিলে ছবিখনৰ পাচ নহী তহ ফেল শীৰ্ষক গীতটো ৷

এই ছবিখন মানৱ কম্পিউটাৰ শকুন্তলা দেৱীৰ কাহিনীৰ ওপৰত আধাৰিত ৷ মঙলবাৰে অভিনেত্ৰী গৰাকীয়ে 5000 ছাত্ৰ-ছাত্ৰীৰ সৈতে গীতটোৰ মুক্তি দিয়াৰ লগতে তেওঁলোকৰ সৈতে ভাৰ্ছুৱেলি বাৰ্তালাপটো মিলিত হয় ৷

ছবিখনৰ পাচ নহী তহ ফেল শীৰ্ষক গীতটোৰ ৰচনা শচীন জিগৰৰ আৰু গীতটোত কন্ঠদান কৰিছে সুনিধি চৌহানে ৷ গীতটো লিখিছে প্ৰসিদ্ধ গীতিকাৰ বায়ুৱে ৷

উল্লেখ্য যে,এমেজন প্ৰাইম ভিডিঅ' এপত 2021 বৰ্ষৰ 31 জানুৱাৰী তাৰিখে মুক্তি লাভ কৰিব দৰ্শকৰ বহু প্ৰত্যাশিত ছবি শকুন্তলা দেৱী

লগতে পঢ়কঃপত্নী দিপিকাই কৰি দিলে ৰণবীৰ সিঙৰ নতুন হেয়াৰ ষ্টাইল..

For All Latest Updates

TAGGED:

SITARA NEWS

ABOUT THE AUTHOR

...view details