চিটাৰা ডেস্ক, ৩০ অক্টোবৰ: বলীউডত শোকৰ ছাঁ পেলাই চিৰবিদায় মাগিলে "বিবাহ", "ধুম-২" আৰু "দিল চাহতা হ্যে"ৰ দৰে হিট ছবিত কৰা অভিনয়েৰে দৰ্শকৰ হৃদয়ত ঠাই পোৱা প্ৰবীণ অভিনেতা ইউছুফ হুছেইনে । শনিবাৰে লীলাৱতী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে । ক'ভিড-১৯ (COVID-১৯) মহামাৰীৰে যুঁজি অৱশেষত হাৰ মানে ৭৩ বছৰীয়া অভিনেতাগৰাকীয়ে । ছবি নিৰ্মাতা হংসল মেহতা(Hansal Mehta)ই শহুৰ ইউছুফ হুছেইনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ।
তেওঁ টুইটযোগে প্ৰবীণ অভিনেতাগৰাকীৰ মৃত্যুৰ কথা প্ৰকাশ কৰিছে । মেহতাই টুইটত "শ্বহীদ"ৰ দৃশ্যগ্ৰহণৰ সময়ৰ কথা মনত পেলাই উল্লেখ কৰিছে যে, দৃশ্যগ্ৰহণৰ সময়ত তেওঁ যথেষ্ট আৰ্থিক অসুবিধাত পৰিছিল । ছবি নিৰ্মাতা হিচাপে কেৰিয়াৰ প্ৰায় সম্পূৰ্ণৰূপে শেষ হোৱাৰ উপক্ৰম হৈছিল । সেই সময়ত মেহতালৈ সহায়ৰ হাত আগবঢ়াইছিল ইউছুফ হুছেইনে ।
মেহতাই জনোৱা মতে, ইউছুফ হুছেইনে কৈছিল যে, বেংকত তেওঁৰ কিছু ধন ফিক্সড ডিপ’জিট কৰা আছে । হুছেইনে কৈছিল যে, মেহতা ইমান অসুবিধাত পৰাৰ সময়ত তেওঁৰ ধনখিনি বেংকত জমা কৰি ৰখা কোনো অৰ্থ নাই ।
লগে লগে তেওঁ এখন চেক মেহতাক দিয়ে । ইয়াৰ পাচত "শ্বহীদ"ৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হৈছিল । মেহতাই কয় যে, ইউছুফ হুছেইন তেওঁৰ মাত্ৰ শহুৰ নহয়, পিতৃৰ দৰে আছিল । মেহতাই লগতে উল্লেখ কৰে যে, ইউছুফ হুছেইনৰ ওচৰত তেওঁৰ এই নতুন জীৱনটো ঋণী ।
দুখ প্ৰকাশ কৰি তেওঁ কয় যে, তেওঁ আজি মই অনাথ হৈ পৰিছে । ২০১৩ চনত ৰাজকুমাৰ ৰাও অভিনীত হংসল মেহতাৰ ছবি "শ্বহীদে" মুক্তি লাভ কৰিছিল । তেওঁ "আলিগড়" আৰু "স্কেম ১৯৯২: দ্য হৰ্ষদ মেহতা ষ্ট'ৰী"ও পৰিচালনা কৰিছে । ইউছুফ হুছেইনৰ কন্যা চফিনা হংসল মেহতাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে । হংসলে কৰা টুইটৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি পূজা ভাটে লিখিছে যে, হংসলৰ অনুভৱৰ বিষয়ে জানিব পাৰি তেওঁ চকুলো টুকিছে ।