চিটাৰা ডেস্ক, 9 ডিচেম্বৰ : আজি বিকী কৌশলৰে বিয়াত বহিব বলীউডৰ অভিনেত্ৰী কেটৰিণা কাঈফে ৷ বলীউডৰ এই যুঁটিটোৰ ওপৰত বৰ্তমান দৃষ্টি নিৱদ্ধ হৈ আছে অনুৰাগীসকলৰ ৷ ইতিমধ্যে 6 ডিচেম্বৰৰ পৰা বিকী-কেটৰ বিবাহৰ পৰম্পৰা আৰম্ভ হৈছে ৰাজস্থানত ৷
নিৰাপত্তাৰ ক্ষেত্ৰত কোনো সুৰুঙা এৰা নাই বিকী-কেটে বহুচৰ্চিত ৰাজকীয় কায়দাৰ বিয়াখন অনুষ্ঠিত হ’ব ৰাজস্থানৰ 6 ছেনছেছ ফ’ৰ্ট হোটেলত ৷ Pre-wedding ৰ পৰা আৰম্ভ কৰি Post-wedding লৈকে সকলো আয়োজনৰে ঐতিহাসিক বৰৱাৰা দূৰ্গটো 12 ডিচেম্বৰলৈকে বুক কৰিছে দুয়োটা পৰিয়ালে ৷
বুধবাৰে হালধিৰ সময়ত দুয়োগৰাকী তাৰকাকে বলীউডৰ বহু অভিনেতা-অভিনেত্ৰীয়ে হালধি সনা দেখা যায় ৷ হালধিৰ সময়ত বিকীয়ে পৰিধান কৰিছিল ইষৎ হালধীয়া ৰঙৰ এটা কুৰ্তাৰ লগতে বগা পায়জামা ৷ কেটৰিণায়েও পৰিধান কৰে এখন হালধীয়া শাৰী ৷ এই অনুষ্ঠানত উপস্থিত থাকে স্বামীৰ সৈতে অভিনেত্ৰী নেহা ধুপিয়া, পত্নী মিনি মাথুৰৰ সৈতে কবীৰ খান, অভিনেত্ৰী সৰবৰী বাগ, পৰিচালক বিজয় ভূষণ আচাৰ্য, পাঞ্জাৱী কণ্ঠশিল্পী গুৰদাস মান আদি ৷
আলোকেৰে সু-সজ্জিত বৰৱাৰা দুৰ্গ বৰৱাৰা দূৰ্গটো 1400 শতিকাতে ৰাজপুতসকলে নিৰ্মাণ কৰি উলিয়াইছিল ৷ দূৰ্গটোত এইখনে বিগ বাজেটৰ প্ৰথম বিবাহৰ অনুষ্ঠান ৷ হিন্দু ৰীতি-নীতিৰে 9 ডিচেম্বৰৰ সন্ধিয়া 6 বজাত বিকী-কেটে বিবাহপাশত আৱদ্ধ হ’ব ৷ বলীউডৰ বহু নামী-দামী তাৰকা এই ৰাজকীয় বিবাহ অনুষ্ঠানত উপস্থিত থাকিব ৷ কিন্তু অতিথিসকলৰ বাবে বিকী-কেটে বিশেষ কোড ব্যৱহাৰ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে ৷
অতি কঠোৰ নীতি-নিয়মৰ মাজেৰে VicKat ৰ বিয়াখন অনুষ্ঠিত কৰা হৈছে ৷ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো সুৰুঙা এৰা নাই বিকী-কেটে ৷ কোনো নিমন্ত্ৰিত অতিথিয়ে যাতে ম’বাইল ফোনেৰে বিয়াৰ ফটো বা ভিডিঅ’ প্ৰকাশ কৰিব নোৱাৰে, তাৰ প্ৰতিও বিশেষ নজৰ ৰখা হৈছে ৷
আজি বিয়াত বহিব কেটৰিণা-বিকী মুঠৰ ওপৰত বলীউডৰ ইতিহাসত এইখন সৰ্বাধিক ব্যতিক্ৰমী বিয়া হিচাপে অনুৰাগীসকলৰ মাজত চৰ্চিত হৈ আছে ৷
লগতে পঢ়ক :বিবাহৰ পূৰ্বেই বিকী-কেটৰিণাৰ বিৰুদ্ধে অভিযোগ, কিন্তু কিয় ?