অসম

assam

ETV Bharat / sitara

আজি শ্বাহিদ মিৰাৰ চতুৰ্থ বিবাহ বাৰ্ষিকী

শ্বাহিদ - মিৰাৰ বৈবাহিক জীৱনে অতিক্ৰম কৰিলে চাৰি বছৰ

শ্বাহিদ - মিৰাৰ বৈবাহিক জীৱনে চাৰি বছৰ অতিক্ৰম কৰিলে চাৰি বছৰ

By

Published : Jul 8, 2019, 10:58 AM IST

নতুন দিল্লী, ৮ জুলাইঃ বলিউদৰ জনপ্ৰিয় অভিনেতা শ্বাহিদ কাপুৰ আৰু মিৰা ৰাজপুত কাপুৰৰ বৈবাহিক জীৱনে আজি চাৰি বছৰ অতিক্ৰম কৰে । বিবাহ বাৰ্ষিকীৰ বিশেষ দিনটোত দুয়ো গৰাকীয়ে নিজৰ প্ৰেম প্ৰকাশ কৰাৰ ক্ষেত্ৰত পিছ পৰি নাথাকিল ।

জনপ্ৰিয় ছবি 'পদ্মাৱত'ৰ অভিনেতা গৰাকীয়ে তেওঁৰ মোবাইলেৰে তোলা মিৰা কাপুৰৰ প্ৰথমখন ফটো ইনষ্টাগ্ৰামত আপলোড কৰি বিশেষ দিনটোত মিৰাক শুভেচ্ছা জনায়।

শ্বাহিদে মোবাইলেৰে তোলা মিৰা কাপুৰৰ প্ৰথমখন ফটো

মিৰা কাপুৰেও একেদৰেই তেওঁলোকৰ বৈবাহিক দিনৰ এখন ফটো আপলোড কৰি শ্বাহিদক শুভেচ্ছা জনায় ।

উল্লেখযোগ্য যে, শেষতীয়াকৈ শ্বাহিদ কাপুৰ অভিনীত নতুন ছবি ' কবিৰ সিঙে' মুক্তিৰ পাছতেই যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে । ছবি খনে মুক্তিৰ ১৩ দিনতেই ২০০ কোটি টকা অতিক্ৰম কৰিছে বুলি জানিব পৰা গৈছে ।

ABOUT THE AUTHOR

...view details