অসম

assam

চান্দ্ৰো তোমাৰৰ মৃত্যুত শোক প্ৰকাশ তাপস্বী-ভূমিৰ

উত্তৰ প্ৰদেশৰ জোহৰী গাঁৱৰ বাসিন্দা বিশ্বৰ এগৰাকী বৰ্ষীয়ান মহিলা শ্বুটাৰ চান্দ্ৰো তোমাৰৰ কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু । তেখেতৰ এই মৃত্যুত কেবাগৰাকী বলীউড তাৰকাই শোক প্ৰকাশ কৰে ।

By

Published : Apr 30, 2021, 9:58 PM IST

Published : Apr 30, 2021, 9:58 PM IST

TAPSHI PANNU
চান্দ্ৰো তোমাৰৰ মৃত্যুক শোক প্ৰকাশ তাপস্বী-ভূমিৰ

চিটাৰা ডেস্ক, ৩০ এপ্ৰিল: শুকুৰবাৰে কৰ'ণাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে বিশ্বৰ এগৰাকী বৰ্ষীয়ান মহিলা শ্বুটাৰ চান্দ্ৰো তোমাৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ । কৰ'ণাত আক্ৰান্ত হোৱাৰ পাচতে মিৰাটৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল চান্দ্ৰো তোমাৰক । তেওঁৰ এই মৃত্যুত কেবাগৰাকীও বলীউড তাৰকাই শোক প্ৰকাশ কৰিছে ।

২০১৯ চনত মুক্তি লাভ কৰা তুষাৰ হিৰানন্দনীৰ ছবি 'চান্দ কি আখ'ত চান্দ্ৰো তোমাৰৰ চৰিত্ৰত অভিনয় কৰা ভূমি পেডনেকাৰেও তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰে । চান্দ্ৰো তোমাৰৰ মৃত্যু অসহনীয় বুলি শোক ব্যক্ত কৰে অভিনেত্ৰীগৰাকীয়ে । 'চান্দ কি আখ' হৈছে শ্বুটাৰ চান্দ্ৰো আৰু তেওঁৰ ভগ্নী প্ৰকাশী তোমাৰৰ জীৱন কাহিনীৰ ওপৰত আধাৰিত এখন বাস্তৱ চলচিত্ৰ ।

লগতে প্ৰকাশী তোমাৰৰ চৰিত্ৰত অভিনয় কৰা তাপসী পান্নুয়েও টুইটাৰত শোক ব্যক্ত কৰি শ্ৰদ্ধাঞ্জলি জনায় । চান্দ্ৰোৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি তাপসীয়ে লিখিলে, তেখেত সদায়েই তেওঁলোকৰ অন্তৰত থাকিব । প্ৰতিগৰাকী কন্যাক জীয়াই থকাৰ আশা জগাই তোলা সেইসকল কন্যাৰ মনত তেখেত চিৰকাল জীয়াই থাকিব বুলি কয় অভিনেত্ৰীগৰাকীয়ে । আনহাতে, কংগনা ৰানাৱটেও শোক ব্যক্ত কৰে চান্দ্ৰো তোমাৰৰ বিয়োগত ।

দুই ভগ্নী চান্দ্ৰো আৰু প্ৰকাশীয়ে জন্মলাভ কৰিছিল উত্তৰ প্ৰদেশৰ জোহৰী গাঁৱত । ৫০ ৰ দশকতেই তেখেতে গ্ৰহণ কৰিছিল শ্বুটিঙৰ প্ৰশিক্ষণ । বিশ্বৰ আটাইতকৈ বয়োজ্যেষ্ঠ মহিলা শ্বুটাৰৰ আছিল চান্দ্ৰো তোমাৰ ।

লগতে পঢ়ক: তামিল ছবিৰ নিৰ্দেশক কে ভি আনন্দৰ দেহাৱসান

ABOUT THE AUTHOR

...view details