চিটাৰা ডেস্ক,28 ফেব্ৰুৱাৰীঃশেহতীয়াকৈ চুপাৰষ্টাৰ শ্বাহৰুখ খান অভিনীত ডি.ডি.এল.জে আৰু বিগ বি অমিতাভ বচ্চন অভিনীত ছবি চৌলেৰ প্ৰশংসাত পঞ্চমুখ হয় মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প ৷ এনেদেৰ নিজৰ ভাষণত ছবি দুখনৰ বিষয়ে উল্লেখ কৰাৰ পিছতে এতিয়া 1995 চনৰ হিট ছবি ডি.ডি.এল.জেৰ চিকুৱেল বনাবৰ বাবে স্বামীক অনুৰোধ কৰিছে পত্নী গৌৰী খানে ৷
মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ভাৰত ভ্ৰমনলৈ আহোতে আহমেদাবাদস্থিত ম'টেৰা ষ্টেডিয়ামত ভাষণ প্ৰদান কৰিছিল ৷ ভাষণ প্ৰসংগত মাৰ্কিন ৰাষ্ট্ৰপতিয়ে ভাৰতৰ ছবি উদ্যোগটোৰ বিষয়ে উল্লেখ কৰে ৷ য'ত তেওঁ 90 দশকৰ ডি.ডি.এল.জেঅৰ্থাৎ দিলৱালে দুলহনীয়া লে জায়েংগেছবিখনৰ যথেষ্ট প্ৰশংসা কৰে ৷