অসম

assam

ETV Bharat / sitara

গৌৰী খানৰ বিশেষ পাৰ্টীত তাৰকাৰ সমাহাৰ

গৌৰী খানে নিজৰ ষ্টুডিঅ'ত কৰণ জোহৰৰ ধৰ্মা এন্টাৰটেইনমেন্ট শ্ব'ৰ বাবে আয়োজন কৰে এক সুন্দৰ পাৰ্টীৰ ৷ য'ত শ্বাহৰুখ, অনন্যা আৰু অন্য বলীউড চেলিব্ৰেটীয়ে শোভা বৰ্ধন কৰে এই বিশেষ পাৰ্টীটোৰ ৷

By

Published : Feb 4, 2020, 11:23 AM IST

SRK, Ananya Panday, KJo at Gauri Khan's lavish party
গৌৰী খানৰ বিশেষ পাৰ্টীত তাৰকাৰ সমাহাৰ

চিটাৰা ডেস্ক,4 ফেব্ৰুৱাৰীঃ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পত্নী তথা ইন্টিৰিঅ'ৰ ডিজাইনাৰ গৌৰীখানে শেহতীয়াকৈ নিজৰ ষ্টুডিঅ'ত কৰণ জোহৰৰ ধৰ্মা প্ৰডাকচনৰ এন্টাৰটেইনমেন্ট শ্ব'ৰ বাবে এই বিশেষ পাৰ্টীৰ আয়োজন কৰে ৷

গৌৰীখানৰ এই বিশেষ পাৰ্টীত উপস্থিত থাকে বহুকেইজন বলীউড তাৰকা ৷ পাৰ্টীত শ্বাহৰুখ খানে এজোৰ ক'লা ৰঙৰ চ্যুট পৰিধান কৰাৰ বিপৰীতে গৌৰীয়ে পিন্ধিছিল এটা ৰঙা ৰঙৰ গাওন ৷ গৌৰীখানে নিজৰ ইনষ্টাগ্ৰাম একাউন্ট যোগে এই পাৰ্টীটোৰ বহুকেইখন সুন্দৰ ফটো শ্বেয়াৰ কৰে ৷

গৌৰী খানৰ পাৰ্টীত তাৰকাৰ সমাহাৰ

এই পাৰ্টীতে অন্যান্য তাৰকা সহিতে দেখিবলৈ পোৱা গ'ল , পতি পত্নী অৰ ৱহৰ অভিনেত্ৰী অনন্যা পাণ্ডেক ৷ পাৰ্টীটোত অনন্যাই এটা বগা ৰঙৰ ধুনীয়া ড্ৰেছ পিন্ধি সকলোৰে মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়কঃযেতিয়া আপুনি এৱাৰ্ড লাভ কৰে, তেতিয়া সকলো ভাল লাগেঃ বিদ্যা বালান

ABOUT THE AUTHOR

...view details