অসম

assam

ETV Bharat / sitara

এইমছৰ ৰোগীৰ শৈল্য চিকিৎসাৰ খৰচ বহন কৰিছে ৰিয়েল লাইফ হিৰ’ চনু চুডে - এইমছৰ সহকাৰী অধ্যক্ষ ড৹ অমৰিন্দৰ সিং

এইমছ হাস্পতালত চিকিৎসাধীন হৈ থকা য়াকুব নামৰ এজন ৰোগীৰ শৈল্য চিকিৎসাৰ বিত্তীয় খৰচ বহন কৰিছে অভিনেতা চনু চুডে ৷ শৈল্য চিকিৎসাৰ পাচত য়াকুব সম্পূৰ্ণৰূপে চলা-ফুৰা কৰিব পৰা হোৱা বুলি এইমছৰ সহকাৰী অধ্যক্ষ ড৹ অমৰিন্দৰ সিঙে সদৰি কৰে ৷

Sonu Sood helps man to get Hip Replacement Surgery at AIIMS
এইমছৰ ৰোগীৰ শৈল্য চিকিৎসাৰ খৰচ বহন কৰিছে ৰিয়েল লাইফ হিৰ’ চনু চুডে

By

Published : Oct 10, 2020, 9:15 PM IST

Updated : Oct 10, 2020, 9:36 PM IST

চিটাৰা ডেস্ক,10 অক্টোবৰ: লক ডাউনৰ সময়ছোৱাত বহিঃৰাজ্যৰ শ্ৰমিকসকলক নিজ গৃহ জিলালৈ পঠিয়াই ৰিয়েল হিৰ’লৈ পৰিণত হৈছে বলিউডৰ ৰিল লাইফ ভিলেইন খ্যাত চনু চুড ৷ লক ডাউনৰ পাচতো দৰিদ্ৰ লোকক সহায়ৰ হাত আগবঢ়াই আছে অভিনেতা চনু চুডে ৷

এইমছৰ ৰোগীৰ শৈল্য চিকিৎসাৰ খৰচ বহন কৰিছে ৰিয়েল লাইফ হিৰ’ চনু চুডে

ইয়াৰ এক মুখ্য এক উদাহৰণ হৈছে য়াকুব নামৰ লোকজন ৷ এইমছ হাস্পতালত চিকিৎসাধীন হৈ থকা য়াকুবক শৈল্য চিকিৎসাৰ বাবে সম্পূৰ্ণ বিত্তীয় খৰচ বহন কৰে চনু চুডে ৷

উল্লেখ্য যে,বিগত চাৰি বছৰ ধৰি বিচনাৰ পৰা উঠিব পৰা নাছিল ৷ কিন্তু শৈল্য চিকিৎসাৰ পাচত তেওঁ সম্পূৰ্ণৰূপে চলা-ফুৰা কৰিব পৰা হৈছে ৷ এইমছৰ সহকাৰী অধ্যক্ষ ড৹ অমৰিন্দৰ সিঙে জনোৱা মতে,অভিনেতা গৰাকীৰ প্ৰচেষ্টাত য়াকুবে আজি এক নতুন জীৱন দান লাভ কৰিছে ৷

লগতে পঢ়ক:অ’টিটি প্লেটফ’ৰ্মৰ পাচত ছবিগৃহলৈ আহি আছে ‘পিএম নৰেন্দ্ৰ মোদী’

Last Updated : Oct 10, 2020, 9:36 PM IST

ABOUT THE AUTHOR

...view details