চিটাৰা ডেস্ক, 29 মে’: শুকুৰবাৰে অভিনেতা চনু চুডে মুঠ 169 গৰাকী যুৱতীক কেৰালাৰ পৰা উড়িষ্যাৰ নিজ গৃহ জিলালৈ যোৱাত সদায় কৰাৰ কথা চৰ্চালৈ আহিছে ৷ এখন বিশেষ বিমানেৰে অভিনেতা চনু চুডে যুৱতীসকলক নিজ ঘৰলৈ পঠিয়ায় ৷ উল্লেখ্য যে, কৰ্মসূত্ৰে কেৰালাত থকা যুৱতীকেইগৰাকীয়ে এটা বস্ত্ৰ কাৰখানাত কাম কৰা বুলি জানিব পৰা গৈছে ৷ অৱশ্যে কেইদিনমান পূৰ্বে অভিনেতাগৰাকীয়ে বাছেৰে বিভিন্ন ঠাইৰ শ্ৰমিকক তেওঁলোকৰ নিজ গৃহ জিলালৈ উভতি যোৱাত সহায় কৰিছিল ৷
কেৰালাৰ পৰা উড়িষ্যালৈ 169 গৰাকী যুৱতীক বিমানেৰে পঠিয়ালে অভিনেতা চনু চুডে - কেৰালাৰ পৰা উড়িষ্যাৰ নিজ গৃহ জিলালৈ বিমানেৰে যোৱাত সহায়
বলিউডৰ অন্য অভিনেতাসকলৰ ভিতৰত চনু চুডেও লক ডাউনৰ পৰিপ্ৰেক্ষিতত আৱদ্ধ লোকসকলক নিজ নিজ গৃহ জিলালৈ পঠিওৱাত অগ্ৰণী ভুমিকা পালন কৰিছে ৷ সূত্ৰই জনোৱা অনুসৰি, শুকুৰবাৰে অভিনেতাগৰাকীয়ে 169 গৰাকী যুৱতীক কেৰালাৰ পৰা উড়িষ্যাৰ নিজ গৃহ জিলালৈ বিমানেৰে যোৱাত সহায় কৰিছে ৷
169 গৰাকী যুৱতীক বিমানেৰে পঠিয়ালে অভিনেতা চনু চুডে
ভুৱনেশ্বৰত থকা অভিনেতা চনু চুডৰ বান্ধৱী নীতি গোৱেলে যুৱতীকেইগৰাকীৰ সমস্যাৰ কথা অৱগত কৰিছিল আৰু তাৰ পিছতে তেওঁ যুৱতীকেইগৰাকীক সহায় কৰাৰ সিদ্ধান্ত হাতত লয় ৷ চনু চুডৰ এই উপকাৰত সকলোৱে তেওঁক প্ৰশংসা কৰাৰ উপৰিও ৰাজ্যসভাৰ সাংসদ অমৰ পাটনায়কে অভিনেতাগৰাকীৰ এই সহায়ৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰে ৷
লগতে পঢ়ক: ডিজিটেল প্লেটফ’ৰ্মত চিৰিজ মুকলিক লৈ মুখ খুলিলে অভিনেতা পংকজ ত্ৰিপাঠীয়ে