অসম

assam

ETV Bharat / sitara

Sonam Kapoor pregnant: মাতৃ হ’বলৈ ওলাইছে চোনম কাপুৰ

সোনম কাপুৰে সোমবাৰে নিজৰ ইন্ষ্টাগ্ৰাম একাউণ্টত পোষ্ট কৰিলে তিনিখনকৈ ফটো ৷ ফটোকেইখনত চোনমক দেখা গ’ল বেবী বাম্পৰ সৈতে (Sonam Kapoor latest news) ৷

By

Published : Mar 21, 2022, 8:24 PM IST

Sonam Kapoor
চোনমক দেখা গ’ল বেবী বাম্পৰ সৈতে

চিটাৰা ডেস্ক, 21 মাৰ্চ:বলীউডৰ সৌন্দৰ্যময়ী অভিনেত্ৰী চোনম কাপুৰৰ অনুৰাগীসকলৰ বাবে এক সুখবৰ (Sonam Kapoor latest news)। অভিনেত্ৰী চোনম কাপুৰ গৰ্ভৱতী ৷ সোমবাৰে নিজৰ বেবী বাম্প প্ৰদৰ্শন কৰি অনুৰাগী সকলৰ সৈতে শ্বেয়াৰ কৰিলে এই ভাল খবৰটো ৷

স্বামী আনন্দ আহুজাৰ সৈতে সামাজিক মাধ্যমত চোনমে পোষ্ট কৰিলে তিনিখনকৈ ফটো ৷ চোনম আৰু আনন্দ আহুজা ২০১৮ চনত বিবাহ পাশত আৱদ্ধ হৈছিল । চাৰি বছৰৰ পিছত দুয়োৰে জীৱনলৈ আগমন ঘটিছে নতুন সদস্যৰ (Sonam Kapoor pregnant) ৷

বেবী বাম্পৰ সৈতে চোনমে শ্বেয়াৰ কৰা ছবিসমূহ একৰঙী। ফটোসমূহত চোনমক স্বামীৰ সৈতে আনন্দ মনেৰে থকা দেখা গৈছে ৷

চোনমে তেওঁৰ সন্তান সম্ভৱাৰ খবৰটো শ্বেয়াৰ কৰাৰ লগে লগে অনুৰাগীসকলে অভিনেত্ৰীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে ( sonam kapoor latest updates) ৷ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কৰীণা কাপুৰেও বাতৰিটো পাই দুয়োৰে বাবে সুখী বুলি কমেণ্ট কৰিলে চোনমৰ পোষ্টটোত ৷

চোনমৰ প্ৰেগনেন্সীৰ খবৰ পাই উৎফুল্লিত হৈ পৰে জাহ্নৱী কাপুৰ ৷ ইয়াৰ উপৰিও কৰিশ্মা কাপুৰ, দিয়া মিৰ্জা, ভূমি পেডনেকাৰ, শ্বানায়া কাপুৰ, ৰবীনা টণ্ডন, অনন্যা পাণ্ডে আৰু চলচ্চিত্ৰ নিৰ্মাতা একতা কাপুৰেও পিতৃ-মাতৃ হ’বলৈ ওলোৱা চোনম আনন্দক শুভেচ্ছা জ্ঞাপন কৰে ৷

লগতে পঢ়ক:বলিউদৰ সপোন সুন্দৰী আলিয়া, অনন্যা, শ্বানায়াৰ এই ৰূপত চকু থৰ হৈ যাব পাৰে আপোনাৰো

ABOUT THE AUTHOR

...view details