অসম

assam

By

Published : Jun 10, 2020, 10:37 PM IST

ETV Bharat / sitara

বৰ্তমান কিহত ব্যস্ত ৰাণু মণ্ডল?

দীৰ্ঘদিন ধৰি অন্তৰ্ধান হৈ থকা ৰাণু মণ্ডলৰ অৱশেষত সন্ধান পোৱা গ'ল ৷ মুম্বাইত নহয়,ৰাণু মণ্ডলে বাস কৰে এতিয়া নিজৰ পুৰণি ঠিকনা ৰাণাঘাটত ৷ জানিব পৰা মতে,ৰাণু মণ্ডলৰ হাতত আজিকালি নাই কোনো ধৰণৰ কাম,যাৰ বাবে মুম্বাই এৰিবলৈ বাধ্য হয় তেওঁ ৷

social media sensation ranu mondal suffering from starvation
বৰ্তমান কিহত ব্যস্ত ৰাণু মণ্ডল?

নিউজ ডেস্ক,10 জুনঃৰে'ল ষ্টেচনত লতা মংগেশকাৰৰ গীত গাই এৰাতিৰ ভিতৰতে সমগ্ৰ দেশতে জনপ্ৰিয়তা লাভ কৰিছিল ৰাণু মণ্ডলে ৷ সমগ্ৰ দেশতে চৰ্চিত হৈ পৰিছিল ৰাণু মণ্ডল ৷ ষ্টেচনৰ পৰা গৈ মুম্বাই পালেগৈ তেওঁ ৷ মুম্বাইত ভৰি দিয়াৰ পিছতে এটা-দুটা কাম কৰাৰ অন্তত সন্ধান নাছিল ৰাণু মণ্ডলৰ ৷

বৰ্তমান কিহত ব্যস্ত ৰাণু মণ্ডল?

ৰাণু মণ্ডল ক'ত আছে আৰু কেনে আছে ? মনত প্ৰশ্ন উত্থাপন হৈছিল সকলোৰে ৷ দীৰ্ঘদিন ধৰি অন্তৰ্ধান হৈ থকা ৰাণু মণ্ডলৰ অৱশেষত সন্ধান পোৱা গ'ল ৷ মুম্বাইত নহয়,ৰাণু মণ্ডলে বাস কৰে এতিয়া নিজৰ পুৰণি ঠিকনা ৰাণাঘাটত ৷ জানিব পৰা মতে,ৰাণু মণ্ডলৰ হাতত আজিকালি নাই কোনো ধৰণৰ কাম,যাৰ বাবে মুম্বাই এৰিবলৈ বাধ্য হয় তেওঁ ৷ বৰ্তমানে পুৰণি ঘৰটোতে অনিদ্ৰা আৰু অনাহাৰে জীৱন পাৰ কৰিব লগা হৈছে ৰাণু মণ্ডলে ৷

বৰ্তমান কিহত ব্যস্ত ৰাণু মণ্ডল?

উল্লেখযোগ্য যে,ৰাণু মণ্ডলে বলিউদৰ জনপ্ৰিয় সংগীত পৰিচালক তথা কণ্ঠশিল্পী হিমেশ ৰেশমিয়াৰ সৈতে দুটাকৈ গীতো বাণীবদ্ধ কৰিছিল ৷

বৰ্তমান কিহত ব্যস্ত ৰাণু মণ্ডল?

লগতে পঢ়কঃ যুদ্ধকালীন তৎপৰতাৰে বাঘজানৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰি আছো- পৰিমল শুক্লবৈদ্য

ABOUT THE AUTHOR

...view details