চিটাৰা ডেস্ক, ১৯ জুন: এইবাৰ বিবাহিত ব্যক্তি সন্দৰ্ভত কৰা টিপ্পনীৰে চৰ্চাত অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰা । ব্ৰিটিছ-ভাৰতীয় ব্যৱসায়ীজনে জনপ্ৰিয় স্পেনিছ ৱেব ছিৰিজ 'Money Heist'ত পঞ্জাৱী ৰহন সানি এটা ভিডিঅ' প্ৰস্তুত কৰিছে । ভিডিঅ'টোত তেওঁক নেটফ্লিক্সৰ ছুপাৰহিট ছিৰিজটোৰ অধ্যাপক হিচাপে আৰু পত্নী শিল্পাক টকিঅ' হিচাপে দেখুওৱা হৈছে । ৰাজে শেহতীয়াকৈ ইনষ্টাগ্ৰাম পোষ্টযোগে এই হাস্যকৰ ভিডিঅ'টো শ্বেয়াৰ কৰে ।
তেওঁ ফেচ শ্বেপ এপৰ সহায়ত এই ভিডিঅ'টো প্ৰস্তুত কৰিছিল । ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাজে লিখিছে যে, "অৱশেষত 'Money Heist'ত পঞ্জাৱী দম্পতী । সংলাপটো পঞ্জাৱীলৈ অনুবাদ কৰি লিখিছে যে, যেতিয়া এগৰাকী ভাৰতীয় মহিলা বিবাহিত হয়, তেতিয়া মংগলসূত্ৰৰ জৰিয়তে গম পোৱা যায় যে তেওঁ বিবাহিত । কিন্তু ভাৰতীয় পুৰুষ বিবাহিত হয় নে নহয় সেয়া কেনেকৈ জানিব ।
ইনষ্টাগ্ৰামত ১ মিলিয়ন ফল'ৱাৰ্ছ থকা ৰাজ কুন্দ্ৰাৰ ভিডিঅ'টো ১০৯ হাজাৰ অনুৰাগীয়ে চাইছে ।