অসম

assam

অস্কাৰ লাভৰ যুঁজত ভাৰতৰ প্ৰৱেশৰ বাবে বাছনি প্ৰক্ৰিয়া : শীৰ্ষত শ্বেৰণী, চৰ্দাৰ উধম

By

Published : Oct 23, 2021, 1:04 PM IST

অস্কাৰৰ মনোনয়ন লাভৰ প্ৰতিযোগিতাত কোনখন ছবিয়ে প্ৰতিনিধিত্ব কৰিব ভাৰতক ? ১৪ জনীয়া বিচাৰকৰ পেনেলে ইতিমধ্যে আৰম্ভ কৰিছে বাছনি প্ৰক্ৰিয়া । এতিয়ালৈকে বাছনি কৰি উলিওৱা তালিকাৰ শীৰ্ষত আছে "শ্বেৰণী"(Sherni), "চৰ্দাৰ উধম"(Sardar Udham) ।

Sherni, Sardar Udham lead race for India's Oscar entry
অস্কাৰ লাভৰ যুঁজত ভাৰতৰ প্ৰৱেশৰ বাবে বাছনি প্ৰক্ৰিয়া আৰম্ভ

চিটাৰা ডেস্ক, ২৩ অক্টোবৰ: অস্কাৰ বঁটাৰ বাবে ভাৰতৰ আনুষ্ঠানিক প্ৰৱেশৰ বাবে সৰ্বশ্ৰেষ্ঠ ছবি বাছনি কৰাৰ প্ৰক্ৰিয়া পূৰ্ণ গতিত চলিছে কলকাতাৰ বিজলী ছবিগৃহত । বাছনি তালিকাৰ শীৰ্ষত আছে বিদ্যা বালান অভিনীত "শ্বেৰণী"(Sherni) আৰু বিকি কৌশল অভিনীত সুজিৎ সৰকাৰৰ "চৰ্দাৰ উধম"(Sardar Udham) ।

এই তালিকাত স্থান পাইছে মালায়ালম ছবি নায়াট্টু আৰু তামিল ছবি মেণ্ডেলাসহ আঞ্চলিক ভাষাৰ ১৪ খন ছবি । ছবি নিৰ্মাতা শ্বাজী এন কৰুণসহ ১৪ জনীয়া বিচাৰকৰ পেনেলক বাছনি প্ৰক্ৰিয়াৰ দায়িত্ব অৰ্পণ কৰা হৈছে ।

উল্লেখ্য যে, ২০২২ ৰ ২৭ মাৰ্চত কেলিফৰ্ণিয়াত অনুষ্ঠিত হ'ব অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান ।

"শ্বেৰণী" আৰু "চৰ্দাৰ উধম" এই ছবি দুখনে এমাজন প্ৰাইম ভিডিঅ'ত সমালোচকৰ যথেষ্ট প্ৰশংসা লাভ কৰিছে । 'নিউটন' ছবিৰ পৰিচালক অমিত ভি মাচুৰকাৰে পৰিচালনা কৰা "শ্বেৰণী" হৈছে এগৰাকী মহিলা বন বিষয়াৰ কাহিনী, যিয়ে এজনী বাঘিনীয়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে । ছবিখনত মানুহ-জন্তুৰ সংঘাত নাটকীয় ৰূপত দাঙি ধৰা হৈছে । ছবিখনত বিদ্যা বালানে কৰা অভিনয়ে দৰ্শকক আপ্লুত কৰিছিল ।

আনহাতে "চৰ্দাৰ উধম" হৈছে বিপ্লৱী উধম সিঙৰ জীৱনৰ কাহিনীৰ আধাৰত নিৰ্মিত ছবি । ১৯১৯ চনত জালিয়ানাৱালাবাগ গণহত্যা সংঘটিত হোৱাৰ সময়ত পঞ্জাৱৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰা মাইকেল অ'ডয়াৰক উধম সিঙে হত্যা কৰিছিল । সুজিৎ সৰকাৰৰ দ্বাৰা পৰিচালিত ছবিখনেও উধম সিঙৰ কাহিনীক সুন্দৰ ৰূপত উপস্থাপন কৰাৰ বাবে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক: গ্ল’বেল ষ্টাৰ প্ৰভাষৰ জন্মদিন উপলক্ষে ইনষ্টাগ্ৰামে মুকলি কৰিলে নতুন ফিল্টাৰ

ABOUT THE AUTHOR

...view details