চিটাৰা ডেস্ক, 25 ফেব্ৰুৱাৰী :আজি শ্বাহিদ কাপুৰৰ 41 বছৰীয়া জন্মদিন ৷ ৰাজধানী দিল্লীত জন্মগ্ৰহণ কৰা শ্বাহিদ অভিনেতা পংকজ কাপুৰৰ ডাঙৰ সন্তান ৷ শ্বাহিদৰ তিনিবছৰ বয়সতে তেওঁৰ পিতৃ-মাতৃ পৃথক হৈছিল ৷ 1990 ৰ কেইবাখনো ছবিত শ্বাহিদে বেকগ্ৰাউণ্ডত নৃত্যশিল্পী হিচাপে কাম কৰিছিল ৷
2003 চনত ৰোমাণ্টিক কমেডি ইস্ক ভিস্ক ৰে ছবিজগতত ভৰি দিয়েই শ্বাহিদে লাভ কৰিছিল ফিল্মফেয়াৰ এৱাৰ্ড ফৰ বেষ্ট মেল ডেবিয়ুট বঁটা ৷ বলীউডত শ্বাহিদৰ কেৰিয়াৰৰ যথেষ্ট উত্থান পতন ঘটিছে ৷ হিট ছবিৰ সমান্তৰালকৈ শ্বাহিদৰ ফ্লপ ছবিৰ সংখ্যাও কম নহয় ৷ আজি আমি আপোনালোকক জনাম কোনকেইখন চিনেমাই (Shahid Kapoor five movies) শ্বাহিদৰ ডুবিব ধৰা কেৰিয়াৰটো ধৰি ৰাখিলে ৷
জব উই মেট (2007)
অভিনয়ৰ প্ৰাৰম্ভিক পৰ্যায়ত 10 খন চলচ্চিত্ৰ কৰাৰ পিছতো শ্বাহিদে তাৰকাৰ মৰ্যাদা পোৱা নাছিল । ২০০৭ চনত ইমতিয়াজ আলীৰ দ্বাৰা পৰিচালিত 'জব উই মেট' চলচ্চিত্ৰখনে শ্বাহিদ কাপুৰক ৰাতিটোৰ ভিতৰতে তাৰকা কৰি তুলিছিল । অৱশ্যে, ২০০৬ চনৰ আৰম্ভণিতে শ্বাহিদ কাপুৰে 'বিবাহ' বোলছবিখনৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিছিল । 'জব উই মেট' বোলছবিখনত কৰীণা কাপুৰৰ সৈতে তেওঁৰ যুটিয়ে ৰূপালী পৰ্দাত খলকনি তুলিছিল ।
কমীনে (2009)
শ্বাহিদে বিদ্যা বালানৰ সৈতে 2008 চনত কিছমত কানেক্ছনত সুন্দৰ কাম কৰিছিল । তাৰ পিছত 2009 চনত মুক্তি পোৱা বিশাল ভৰদ্বাজৰ ছবি 'কমীনে'ত শ্বাহিদে তেওঁৰ অভিনয়েৰে অভিনয় জগতত খোপনি পুতিছিল । চলচ্চিত্ৰখনত শ্বাহিদে চাৰ্লি শৰ্মা আৰু গুড্ডু শৰ্মা নামৰ দুটা চৰিত্ৰত নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছিল । সমালোচকসকলেও প্ৰশংসা কৰিছিল ছবিখন ।
হৈদৰ (2014)
2009 চনৰ পিছত 2013 চনলৈকে শ্বাহিদ কাপুৰে আঠখন ফ্লপ ছবি দিছিল যাৰ ভিতৰত আছে 'দিল বোলে হাড়ীপ্পা', 'চান্স পে ডান্স', 'পাঠশালা', 'বদমাচ কোম্পানী', 'মিলেংগে-মিলেংগে', 'মৌচম', 'তেৰি মেৰী কাহানী' আৰু 'ফটা পোষ্টাৰ নিকলা হিৰো'। 2013 চনত 'আৰ...ৰাজকুমাৰ চলচ্চিত্ৰখনেৰে পুনৰ ট্ৰেকলৈ আহে শ্বাহিদ । পৰৱৰ্তী 2014 চনত শ্বাহিদে আন এখন বিশাল ভৰদ্বাজ ছবি 'হৈদৰ'ৰে পুনৰ আশ্চৰ্যকৰ কাম কৰি দৰ্শকৰ মন জিনে ৷