অসম

assam

ETV Bharat / sitara

পুনৰ একেখন স্ক্ৰীণতে দেখা পোৱা যাব নেকি শ্বাহৰুখ, সঞ্জয় দত্তক ?

বলীউড ছুপাৰষ্টাৰ শ্বাহৰুখ খান (Shahrukh Khan) আৰু সঞ্জয় দত্ত (Sanjay Dutta)ই পুনৰ একেলগে কাম কৰাৰ বাবে সাজু হৈছে । এইবাৰ এখন বহুভাষিক ছবিত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিব দুয়োজনে । ছবিখনৰ নাম নিশ্চিত কৰা হোৱা নাই যদিও অস্থায়ীভাৱে ছবিখনৰ নাম থোৱা হৈছে 'ৰাখী' ।

By

Published : Jul 14, 2021, 5:48 PM IST

Shah Rukh Khan and Sanjay Dutt are coming together for a multilingual film
একেলগে কাম কৰাৰ বাবে সাজু শ্বাহৰুখ খান আৰু সঞ্জয় দত্ত

নেশ্যনেল ডেস্ক, ১৪ জুলাই: বলীউড ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ আগন্তুক ছবিত সঞ্জয় দত্তই অভিনয় কৰাক লৈ ব্যাপক চৰ্চা চলিছে বলীউডত । এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবিত গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিব দুয়োজনে । শ্বাহৰুখ বৰ্তমান ‘পাঠান’ (Pathan) ছবিৰ কামত ব্যস্ত । আগন্তুক ছবিত তেওঁ সঞ্জয় দত্তৰ সৈতে অভিনয় কৰাৰ সম্ভাৱনা আছে ।

ইয়াৰ পূৰ্বে শ্বাহৰুখৰ দুখন ছবিত সঞ্জয় দত্তই অতিথি শিল্পী হিচাপে কাম কৰিছিল যদিও এইবাৰ গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিব সঞ্জু বাবাই । উল্লেখ্য যে, ২০০৭ চনত সঞ্জয় দত্তই শ্বাহৰুখৰ ব্লকবাষ্টাৰ "ঔম শান্তি ঔম"ৰ টাইটেল ট্ৰেকত ভুমুকি মাৰিছিল । ২০১২ চনত মুক্তি লাভ কৰা শ্বাহৰুখ খানৰ ছবি "ৰা-ৱান" (Ra-One)ৰ আৰম্ভণি দৃশ্যত দেখা গৈছিল সঞ্জয় দত্তক । অতি কম সময়ৰ বাবে একেলগে কাম কৰাৰ পিছত এইবাৰ পুনৰ একেলগে কাম কৰাৰ সিদ্ধান্ত লৈছে দুয়োগৰাকী অভিনেতাই ।

বহুভাষিক ছবিখনৰ নাম নিশ্চিত কৰা হোৱা নাই যদিও অস্থায়ীভাৱে ছবিখনৰ নাম থোৱা হৈছে 'ৰাখী' । ছবিখনৰ ভায়াকম 18 সমৰ্থনত নিৰ্মাণ কৰা হ'ব বুলি জানিব পৰা গৈছে ।

আনহাতে, শ্বাহৰুখ বৰ্তমান সিদ্ধাৰ্থ আনন্দৰ "পাঠান" ছবিৰ কামত ব্যস্ত হৈ আছে । ইয়াৰ পাছত তেওঁ ৰাজকুমাৰ হিৰাণী আৰু তামিল ছবি নিৰ্মাতা এটলীৰ সৈতেও কাম কৰিব জানিব পৰা গৈছে । ৫৫ বছৰীয়া অভিনেতাগৰাকীক ছবি নিৰ্মাতা ৰাজ আৰু ডিকে পৰিচালিত আগন্তুক ছবিসমূহতো দেখা যাব ।

ইফালে, সঞ্জয় দত্তই "ভুজ: দ্য প্ৰাইড অৱ ইণ্ডিয়াত" অভিনয় কৰিব । ছবিখনত অজয় দেৱগন, সোনাক্ষী সিন্হা, শৰদ কেলকাৰ, এমি ভিৰ্ক আৰু নোৰা ফাতেহীয়েও অভিনয় কৰিছে । চলিত বৰ্ষৰ শেষৰ ফালে অভিনেতাজনক ‘চমছেৰা’ আৰু ‘কেজিএফ চেপ্টাৰ-2’ত দেখা পোৱা যাব । আনহাতে, শ্বাহৰুখ আৰু সঞ্জয়ক একেখন স্ক্ৰীণতে চাবলৈ আগ্ৰহেৰে বাট চাইছে দৰ্শকে । শীঘ্ৰেই ছবিখনৰ নাম চূড়ান্ত কৰি কাম আৰম্ভ কৰা হ'ব বুলি ছবি নিৰ্মাতাই ইংগিত দিছে ।

লগতে পঢ়ক:Master Chef Australia ত বিশেষভাৱে সমাদৃত অসমৰ পঁইতা ভাত

ABOUT THE AUTHOR

...view details