চিটাৰা ডেস্ক, 12 ফ্ৰেব্ৰুৱাৰী : বলীউডত বিভিন্ন ধেমেলীয়া চৰিত্ৰত অভিনয় কৰি সকলোৰে প্ৰিয় হৈ পৰা ৰিতেশ দেশমুখ এজন সাংঘাতিক প্ৰেমিক ৷ প্ৰেম প্ৰকাশৰ ক্ষেত্ৰত তিলমানো কুণ্ঠাবোধ নকৰে এইজন অভিনেতাই ৷
জেনেলীয়া-ৰিতেশৰ যুঁটি বলীউডৰ বাহিৰতো সকলোৰে প্ৰিয় ৷ শনিবাৰে ৰিতেশে ইন্ষ্টাগ্ৰামত প্ৰেমৰ 20 বছৰ সম্পূৰ্ণ হোৱাৰ পৰত পত্নীৰ সৈতে তেওঁৰ বৰ্তমানৰ লগতে 20 বছৰৰ আগৰ এখন ফটো শ্বেয়াৰ কৰে (Riteish Genelia old pic) ৷ তাৰেই কেপচনত ৰিতেশে লিখিলে প্ৰেমতকৈ বেছি এইয়া তেওঁৰ পাগলামীহে ৷
জেনেলীয়াৰ কাৰণে প্ৰেমতকৈ বেছি পাগলামীহে আছে ৰিতেশৰ আকৌ এবাৰ ৰূপালী পৰ্দাত একেলগে দেখিবলৈ পোৱা যাব এই যুঁটিক ৷ অলপতে জেনেলীয়া-ৰিতেশে 10 বছৰীয়া বিবাহ-বাৰ্ষিকী উদযাপন কৰে আৰু সেইদিনাই অনুৰাগীৰ বাবে তেওঁলোকৰ নতুন ছবি মিষ্টাৰ মম্মীৰ পোষ্টাৰ শ্বেয়াৰ কৰে (Mister Mummy Riteish Genelia new movie) ৷ আহিবলগীয়া ছবিখন এখন ৰোমাণ্টিক কমেডি ৷
জেনেলীয়াৰ কাৰণে প্ৰেমতকৈ বেছি পাগলামীহে আছে ৰিতেশৰ ৰিতেশ-জেনেলীয়াই 2003 ত মুঝে তেৰী কসম ৰে বলীউডত ভুমুকি মাৰিছিল ৷ তাৰ পিছত দুয়োয়ে কমেডি ছবি মস্তীত একেলগে অভিনয় কৰিছিল ৷
লগতে পঢ়ক:Bhansalis Instructions to Alia:ভাঞ্চালীয়ে গংগুবাইত অভিনয়ৰ পূৰ্বে কি কৈছিল আলিয়াক?