অসম

assam

ETV Bharat / sitara

ছিল হ'ল ৰেখাৰ মুম্বাইস্থিত বাসগৃহ

বলীউডৰ প্ৰসিদ্ধ অভিনেত্ৰী ৰেখাৰ আৱাসগৃহৰ এজন নিৰপত্তাৰক্ষীৰ শৰীৰত কৰ'ণা ভাইৰাছৰ অৱস্থিতি পোৱাৰ পাছতেই ছিল কৰি দিয়া হয় তেওঁৰ বাসগৃহটো ৷

By

Published : Jul 12, 2020, 11:57 AM IST

Updated : Jul 12, 2020, 12:17 PM IST

Rekhas bungalow sealed by Bmc after her security guard tests positive for COVID-19
ছিল হ'ল ৰেখাৰ মু্ম্বাইস্থিত আৱাসগৃহছিল হ'ল ৰেখাৰ মু্ম্বাইস্থিত আৱাসগৃহ

মুম্বাই,12 জুলাইঃছিল কৰা হৈছে বলীউডৰ প্ৰসিদ্ধ অভিনেত্ৰী ৰেখাৰ আৱাসগৃহ ৷ মহাৰাষ্ট্ৰৰ বান্দ্ৰাস্থিত তেওঁৰ বাসগৃহটো ছিল কৰাৰ কাৰণটো হৈছে শেহতীয়াকৈ তেওঁৰ আৱাসগৃহটোৰ এজন নিৰাপত্তাৰক্ষী শৰীৰত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷

বলীউডৰ প্ৰসিদ্ধ অভিনেত্ৰী ৰেখা
ছিল হ'ল ৰেখাৰ মু্ম্বাইস্থিত আৱাসগৃহ

সী.স্প্ৰিংগছ নামৰ এই আৱাসগৃহটো ঘোষণা কৰা হৈছে কন্টেইনমেন্ট জ'ন হিচাপে ৷ লগতে বী.এম.চিয়ে সম্পূৰ্ণৰূপে চেনিটাইজ কৰিছে সমগ্ৰ অঞ্চলটো ৷

সাধাৰণতে এই আৱাসগৃহটোত থাকে দুগৰাকীকৈ নিৰাপত্তাৰক্ষী ৷ তাৰে এগৰাকীৰ শৰীৰত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷

এইখিনিতে জনাই থওঁ যে, ৰেখাৰ পূৰ্বে আমিৰ খান, কৰণ জোহৰ, ব'নী আৰু জাহ্নৱী কাপুৰৰ ঘৰুৱা কৰ্মচাৰীৰ শৰীৰত কৰ'ণা সংক্ৰমণৰ কথা ধৰা পৰিছিল ৷

লগতে পঢ়কঃবিগ বি অমিতাভ বচ্চন আৰু পুত্ৰ অভিষেক বচ্চন কোভিড-19ত আক্ৰান্ত

Last Updated : Jul 12, 2020, 12:17 PM IST

ABOUT THE AUTHOR

...view details