চিটাৰা ডেস্ক,2 জানুৱাৰী : ৰাজস্থানৰ পৰাই এইবেলি নৱবৰ্ষক আদৰিলে ৰণবীৰ সিং আৰু পত্নী দীপিকা পাডুকনে ৷ ৰাজস্থানৰ ৰাংথামবোৰ বনাঞ্চলত উপস্থিত হৈ তাৰ পৰাই ফটো শ্বেয়াৰ কৰিছে ৰণবীৰে ৷ অৱসৰ বিনোদনৰ বাবে ৰাজস্থানত উপস্থিত হোৱা ৰণবীৰ-দীপিকাই বাঘ সংৰক্ষিত বনাঞ্চল পৰ্যবেক্ষণ কৰা পৰিলক্ষিত হৈছে ৷
বাঘ সংৰক্ষিত বনাঞ্চলৰ পৰা সূৰ্যোদয়ৰ এখন মনোমোহা ফটো চ’ছিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰে ৰণবীৰে ৷ এয়া ৰণবীৰৰ নতুন বছৰৰ প্ৰথমটো ইনষ্টাগ্ৰাম প’ষ্ট ৷ ফটোখনৰ সৈতে ৰণবীৰে কেপচনত লিখিছে "#views." ৷ অৰ্থাৎ সূৰ্যোদয়ৰ দৃশ্য দৰ্শকৰ সৈতে শ্বেয়াৰ কৰিছে ৰণবীৰে ৷