নিউজ ডেস্ক, ১১ মাৰ্চঃ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সোমবাৰে 2019চনৰ ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰদান কৰিলে পদ্মভূষণ আৰু পদ্মাশ্ৰী বঁটা । বলিউড জগতৰ অভিনেতা তথা কৰিঅ'গ্ৰাফাৰ প্ৰভু দেৱা আৰু সংগীতজ্ঞ শংকৰ মহাদেবনক সোমবাৰে এই বঁটাৰে সন্মানিত কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে ।
প্ৰভু দেৱা আৰু শংকৰ মহাদেবনলৈ পদ্মশ্ৰী সন্মান - পদ্মশ্ৰী
বলিউড জগতৰ অভিনেতা তথা কৰিঅ'গ্ৰাফাৰ প্ৰভু দেৱা আৰু সংগীতজ্ঞ শংকৰ মহাদেবনক সোমবাৰে এই বঁটাৰে সন্মানিত কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে
padmashri
উল্লেখ্য যে, চলিত বৰ্ষৰ গণতন্ত্ৰ দিৱসতে ৪ টা পদ্মবিভূষণ, ১৪ টা পদ্মভূষণ আৰু ৯৪ টা পদ্মশ্ৰীৰ সৈতে ১১২ টা পদ্ম পুৰস্কাৰৰ ঘোষণা কৰা হৈছিল । ইয়াৰ ভিতৰত ২১ গৰাকী মহিলা, ১১ জন বিদেশী তথা প্ৰবাসী ভাৰতীয়, এজন তৃতীয় লিংগ আৰু বাকী তিনি জন মৰণোত্তৰভাৱে ভাৰত চৰকাৰে আগবঢ়াইছিল উক্ত বঁটা সমূহ ।
কলা, সামাজিক কাৰ্য, সাৰ্বজনিক ঘটনা, বিজ্ঞান, উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, খেল আৰু নাগৰিক সেৱা আদি বিভাগ সমূহলৈ পুৰস্কাৰ আগবঢ়োৱা হয় ।