চিটাৰা ডেস্ক, ২৮ জুলাই: ‘হটশ্বট’ (Hotshot) এপৰ জৰিয়তে অশ্লীল ছবি প্ৰদৰ্শন কৰাৰ অভিযোগত নতুনকৈ এপটোৰ ৪ গৰাকী প্ৰযোজকৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ । অভিনেত্ৰী গেহনা বশিষ্ঠ (Gehana Vasisth) আৰু আন প্ৰযোজকসকলৰ বিৰুদ্ধে মালাদৰ মালৱানী আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে । ইচ্ছাৰ বিৰুদ্ধে পৰ্ণ ভিডিঅ'ত অভিনয় কৰিবলৈ বাধ্য কৰোৱাৰ অভিযোগ উত্থাপন কৰিছিল এগৰাকী অভিনেত্ৰী তথা মডেলে । এই অভিয়োগৰ ভিত্তিতে গোচৰ ৰুজু কৰা হৈছিল ।
মঙলবাৰে বোম্বে উচ্চ ন্যায়ালয়ে (Bombay High Court) ৰাজ কুন্দ্ৰা(Raj Kundra)ৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি কয় যে, অশ্লীল ছবি নিৰ্মাণ আৰু এপৰ জৰিয়তে প্ৰদৰ্শনৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ব্যৱসায়ী ৰাজ কুন্দ্ৰাক জৰুৰী সকাহ প্ৰদান কৰি আদালতে কোনো নিৰ্দেশ প্ৰদান কৰিব নোৱাৰে । কুন্দ্ৰাক ১৯ জুলাইত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছল । ৰাজ কুন্দ্ৰাৰ লগতে আন ১১ জন লোককো অশ্লীল ছবি নিৰ্মাণ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে । তথ্য প্ৰযুক্তি আইনৰ লগতে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে শিল্পা ছেট্টীৰ স্বামী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ।
লগতে পঢ়ক:‘কি প্ৰয়োজন আছিল এইবোৰ কাম কৰাৰ ?’ ৰাজলৈ শিল্পাৰ প্ৰশ্ন