চিটাৰা ডেস্ক, 11 ফ্ৰেব্ৰুৱাৰী : গংগুবাই কাথিয়াৱাড়ীত অভিনয়ৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ আলিয়াই চাইছিল বিভিন্ন হিন্দী ক্লাছিক চিনেমা ( Alia Bhatt on Gangubai Kathiawadi prep) ৷ বিশেষকৈ মীনা কুমাৰী অভিনীত ছবিসমূহ পৰ্যবেক্ষণ কৰিছিল আলিয়াই ৷ ভাঞ্চালীয়ে বিচাৰিছিল মীনা কুমাৰীৰ সময়ৰ অনুভৱ যাতে আলিয়াই গংগুবাই কাথিয়াৱাড়ীৰ জৰিয়তে দৰ্শকক দিব পাৰে ৷
শ্বাবানা আজমী আৰু আলিয়াৰ মাতৃ ছনি ৰাজদান অভিনীত ছবি মাণ্ডি চাইয়ো আলিয়াই নিজকে তৈয়াৰ কৰিছে ছবিখনৰ বাবে ৷ 1960 ৰ দশকৰ মুম্বাইৰ ৰেড লাইট এৰিয়াৰ আটাইতকৈ শক্তিশালী, মৰমিয়াল আৰু সন্মানিত মহিলা গংগুবাইৰ চৰিত্ৰ ৰূপায়ন কৰিছে আলিয়াই ৷ ছবি চোৱাৰ লগতে ছবিখনৰ ছেটত খাই বৈ আনন্দত থাকিবলৈয়ো পৰামৰ্শ দিছিল আলিয়াক পৰিচালক ভাঞ্চালীয়ে ( Alia Bhatt on working with Sanjay Leela Bhansali) ৷
আলিয়াই কৈছে 90ৰ দশকত জন্ম হোৱা হিচাপে বেছিভাগ মনোৰঞ্জনধৰ্মী চিনেমা চাইয়েই ডাঙৰ হৈছিল অভিনেত্ৰী গৰাকী ৷ কিন্তু অভিনয়ক পেছা হিচাপে লোৱাৰ পিছত হিন্দী ছবি জগতৰ বহুত মহান চৰিত্ৰৰ সৈতে তেওঁৰ পৰিচয় ঘটিছে ৷