অসম

assam

By

Published : May 23, 2019, 1:52 PM IST

ETV Bharat / sitara

ফলাফল ঘোষণাৰ দিনাই মুক্তি পালে পিএম নৰেন্দ্ৰ মোডীৰ আন এখন পোষ্টাৰ

পোষ্টাৰ খনত প্ৰত্যক্ষ কৰিবলৈ পোৱা গৈছে, 'দ্বিতীয় বাৰলৈ আহি আছে পিএম নৰেন্দ্ৰ মোডী....এতিয়া আৰু কোনোও বাধা দিব নোৱাৰে ৷' পোষ্টাৰখনত মুকলি পাচতে উৎকণ্ঠা বৃদ্ধি পাইছে অনুৰাগীৰ মাজত ৷

পীএম নৰেন্দ্ৰ মোডীৰ আন এখন পোষ্টাৰ

নিউজ ডেস্ক, 23 মে': লোকসভা নিৰ্বাচন 2019ৰ ভোট গণনা চলি থকা সময়তে বৃহস্পতিবাৰে মুক্তি পালে বিবেক অৱেৰয় অভিনীত 'পিএম নৰেন্দ্ৰ মোডী' ছবিৰ আন এখন পোষ্টাৰ ৷ পোষ্টাৰ খনত প্ৰত্যক্ষ কৰিবলৈ পোৱা গৈছে, 'দ্বিতীয় বাৰলৈ আহি আছে পিএম নৰেন্দ্ৰ মোডী....এতিয়া আৰু কোনেও বাধা দিব নোৱাৰে ৷' পোষ্টাৰখনত মুকলি পাচতে উৎকণ্ঠা বৃদ্ধি পাইছে অনুৰাগীৰ মাজত ৷

আনহাতে, প্ৰথম অৱস্থাত ছবিখন 5 এপ্ৰিলত মুক্তি লাভ কৰাৰ কথা আছিল যদিও পৰৱৰ্তী সময়ত 12 এপ্ৰিলত মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ছবিখনৰ পৰিচালকে ৷ কিন্তু ছবিখনৰ ওপৰত নিৰ্বাচন আয়োগে নিৰ্বাচনী নীতি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰাৰ বাবেই নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাচত মুক্তি দিবলৈ নিৰ্দেশ জাৰি কৰে ৷ যাৰ বাবে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ এদিন পাচতেই অৰ্থাৎ 24 মে' শুকুৰবাৰে ছবিখন মুক্তি লাভ কৰিব বুলি ঘোষণা কৰে পৰিচালক অ'মাংগ কুমাৰে ৷

ABOUT THE AUTHOR

...view details