চিটাৰা ডেস্ক, ১৯ মে':বলীউডৰ বলিষ্ঠ অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ বিৰুদ্ধে বহু কেইটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি অভিনেতাগৰাকীৰ পত্নী আলিয়া ছিদ্দিকীৰ বিবাহ-বিচ্ছেদৰ আবেদন । ইতিমধ্যে পত্নী আলিয়াই এক জাননী জাৰি কৰিছে অভিনেতাগৰাকীলৈ ।
আলিয়াৰ অধিবক্তাই জানিবলৈ দিয়ে যে, বৰ্তমানলৈ এই জাননীৰ কোনো উত্তৰ প্ৰদান কৰা নাই বলীউডৰ অভিনেতা নৱাজুদ্দিন ছিদ্দিকীয়ে । মেইল আৰু হোৱাটচ এপৰ যোগেদি যোৱা ৭ মে'ত এই জাননী প্ৰেৰণ কৰা হৈছিল বুলি উল্লেখ কৰে । অধিবক্তাগৰাকীয়ে লগতে কয়, নৱাজুদ্দিনে এই জাননী সন্দৰ্ভত মনে-মনে আছে আৰু ইয়াক অৱজ্ঞা কৰিছে । বিবাহ-বিচ্ছেদ আৰু ৰক্ষণাবেক্ষণৰ দাবী কৰি জাননীখন পঠিওৱা হৈছে অভিনেতাগৰাকীলৈ । অভিনেতাগৰাকীৰ বিৰুদ্ধে অভিযোগ কি আছে সেই কথা জাননীত উল্লেখ কৰিব বিচৰা হোৱা নাই । কিন্তু অভিযোগসমূহ অতি গুৰুতৰ আৰু পত্নী তথা পৰিয়ালৰ সদস্য়ৰ বাবে অত্যন্ত সংবেদনশীল বুলি কয় ।