অসম

assam

By

Published : Dec 24, 2019, 7:47 PM IST

ETV Bharat / sitara

ৰাষ্ট্ৰীয় এৱাৰ্ডেৰে সন্মানিত বলীউডৰ অক্ষয় , বিকি আৰু আয়ুষ্মান

আয়ুষ্মান খুৰাণা , বিকি কৌশলে পালে সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰীয় অভিনেতাৰ পুৰষ্কাৰ ৷ বিক্কী ড'নাৰৰ জৰিয়তে খ্যাতি অৰ্জন কৰা আয়ুষ্মান খুৰাণা আৰু ৰাজী ষ্টাৰ বিকি কৌশলে নতুন দিল্লীত আয়োজিত 66 সংখ্যক ৰাষ্ট্ৰীয় ছবি সমাৰোহত সৰ্বশ্ৰেষ্ঠ অভিনেতাৰ খিতাপ অৰ্জন কৰে ৷

NATIONAL AWARD TO  AKSHAY,AYUSHMAN,VIKI
ৰাষ্ট্ৰীয় এৱাৰ্ডেৰে সন্মানিত বলীউডৰ অক্ষয় , বিকি আৰু আয়ুষ্মান

মুম্বাই,24 ডিচেম্বৰঃসোমবাৰে ৰাষ্ট্ৰীয় স্তৰত বৰ্ষটোৰ সৰ্বশ্ৰেষ্ঠ অভিনেতাৰ সন্মান প্ৰদান কৰা হয় অভিনেতা আয়ুষ্মান খুৰাণা আৰু বিক্কী কৌশলক ৷ আন্ধাধুন আৰু উৰিঃ দ্য সৰ্জিকেল ষ্ট্ৰাইকত দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে দুয়োগৰাকী অভিনেতাকে সংযুক্ত ৰূপত বৰ্ষটোৰ সৰ্বশ্ৰেষ্ঠ অভিনেতাৰ পুৰষ্কাৰ প্ৰদান কৰা হয় ৷

নতুন দিল্লীত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উপৰাষ্ট্ৰপতি এম ভেংকেয়া নাইডু আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱেদকাৰে 66 সংখ্যক ৰাষ্ট্ৰীয় ছবি আৰু পুৰষ্কাৰ সমাৰোহত এই বঁটা প্ৰদান কৰে ৷ ইফালে চুপাৰষ্টাৰ অক্ষয় কুমাৰক প্ৰদান কৰা হয় সৰ্বশ্ৰেষ্ঠ সামাজিক ছবি শ্ৰেণীৰ পুৰষ্কাৰ ৷ অক্ষয় কুমাৰৰ দ্বাৰা অভিনীত 'পেডমেন' শীৰ্ষক মাহেকীয়া ধৰ্মৰ স্বচ্ছতাৰ ওপৰত আধাৰিত সামাজিক ছবিখনৰ বাবে এই বঁটা প্ৰদান কৰা হয় ৷ লগতে তেলেগু অভিনেত্ৰী কীৰ্তি সুৰেশক 'মহানতী'ত সুন্দৰ প্ৰদৰ্শনৰ বাবে প্ৰদান সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা ৷ প্ৰকাশ জাৱেদকাৰে ঘোষণা কৰে যে, অহা 29 ডিচেম্বৰত ৰাষ্ট্ৰপতি ভৱনত বিগ বি অমিতাভ বচ্চনক 'দাদা চাহেব ফাল্কে বঁটা' বঁটা প্ৰদানৰ কথা জানিবলৈ দিয়ে প্ৰকাশ জাৱেদকাৰে

লগতে পঢ়কঃ ধেমাজিত সেউজ বিপ্লৱ

ABOUT THE AUTHOR

...view details