অসম

assam

এতিয়াৰে পৰা Spotifyত ১২ টা ভাৰতীয় ভাষাত উপলব্ধ হ'ব সংগীত

By

Published : Mar 12, 2021, 7:59 PM IST

Spotifyত মুঠ ৩৬ টা আন্তঃৰাষ্ট্ৰীয় ভাষাত সংগীত শুনিব পাৰিব শ্ৰোতাই । মুঠ ৩৬ টা ভাষাৰ ভিতৰত আছে ১২ টা ভাৰতীয় ভাষা । এই নতুন ভাষাকেইটা ইতিমধ্যে ৱেব প্লেটফ'ৰ্মত উপলব্ধ হৈ আছে । বৃহস্পতিবাৰৰ পৰা মোবাইল এপতো উপলব্ধ হৈছে নতুন ভাষাকেইটা ।

এতিয়াৰে পৰা Spotifyত ১২টা ভাৰতীয় ভাষাত উপলব্ধ হ'ব সংগীত
এতিয়াৰে পৰা Spotifyত ১২টা ভাৰতীয় ভাষাত উপলব্ধ হ'ব সংগীত

চিটাৰা ডেস্ক, ১২ মাৰ্চ: গ্লোবেল ষ্ট্ৰিমিং অনলাইন মিউজিক এপ Spotifyয়ে ঘোষণা কৰিছে যে, এতিয়াৰে পৰা Spotifyত ১২ টা ভাৰতীয় ভাষাত সংগীত উপলব্ধ হ'ব । Spotifyৰ মোবাইল এপত মুঠ ৬২ টা ভাষাত গীত শুনিব পৰা যায় । নতুনকৈ আৰম্ভ কৰা ভাৰতীয় ভাষাকেইটা হৈছে হিন্দী, গুজৰাটী, ভোজপুৰী, কানাড়া, মালায়ালম, মাৰাঠী, ওড়িয়া, পঞ্জাৱী, তামিল, তেলেগু, উৰ্দু আৰু বঙালী ।

এতিয়াৰে পৰা Spotifyত ১২টা ভাৰতীয় ভাষাত উপলব্ধ হ'ব সংগীত

প্ৰতিষ্ঠানটোৱে এক বিবৃতিযোগে কয় যে, ভাৰতীয় ব্যৱহাৰকাৰীক আটাইতকৈ ভাল সেৱা উপলব্ধ কৰোৱাৰ বাবে তেওঁলোক প্ৰতিশ্ৰুতিবদ্ধ । সেয়ে, ব্য়ৱহাৰকাৰীৰ কথিত ভাষাত এপটোত গীতসমূহ উপলব্ধ কৰা হৈছে । ১২ টা নতুন ভাৰতীয় ভাষাৰ উপৰিও Spotifyৰ মোবাইল এপত এতিয়া ৰোমানিয়ান, স্বাহিলি, শ্ল'ভেনিয়ান, ফিলিপিনো, চীনা, পৰ্তুগীজকে ধৰি আন ২৪ টা বিদেশী ভাষাৰ গীত শুনিবলৈ পোৱা যাব ।

এই বজাৰ আৰু ভাষা সম্প্ৰসাৰণে তেওঁলোকক অধিক শ্ৰোতাৰ সৈতে জড়িত হোৱাৰ সুযোগ প্ৰদান কৰিব । ইয়াৰ জৰিয়তে লাখ লাখ নতুন গীতিকাৰক কেৰিয়াৰ গঢ়ি তোলাৰ সুযোগ দিয়াৰ লগতে আন প্ৰতিভাৱান শিল্পীসকলক নতুন দৰ্শকৰ সৈতে সংযুক্ত হোৱাত কোম্পানীটোৱে সহায় কৰিছে বুলিও মন্তব্য কৰে । নতুন ভাষাবোৰ ইতিমধ্যে ৱেব প্লেটফৰ্মত উপলব্ধ হৈছে আৰু বৃহস্পতিবাৰে মোবাইল এপত উপলব্ধ হ'ব ।

লগতে পঢ়ক:'ৰুহি' ছবিৰ দৃশ্যগ্ৰহণস্থলীত কিয় ইমান ভয় খালে খুছি কাপুৰে ?

ABOUT THE AUTHOR

...view details