অসম

assam

ETV Bharat / sitara

সূৰ্যাবংশীৰ পৰা বাদ পৰিল নেকি কৰণ জোহৰৰ নাম?

পৰিচালক ৰোহিত শেট্টীৰ ছবি সূৰ্যাবংশীৰ পৰা কৰণ জোহৰৰ নাম বাদ পৰা বুলি ছ'চিয়েল মেডিয়াত ভাইৰেল হোৱাৰ পাছত স্পষ্টীকৰণ দিলে ছবি সমালোচক তৰণ আদৰ্শে ৷ এই খবৰ সম্পূৰ্ণ ভুৱা বুলি উল্লেখ কৰে ছবি সমালোচক গৰাকীয়ে ৷

By

Published : Jul 2, 2020, 2:58 PM IST

Karan Johar dropped as Sooryavanshi co-producer? Here's the truth
সূৰ্যাবংশীৰ পৰা বাদ পৰিল নেকি কৰণ জোহৰৰ নাম?

চিটাৰা ডেস্ক,2জুলাই: প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু পাছৰে পৰা ছ'চিয়েল মেডিয়াত পৰিচালক কৰণ জোহৰে সন্মুখীন হৈ আছে বিভিন্ন সমালোচনাৰ ৷

দীপাৱলীৰ সময়ত মুক্তি পাবলগীয়া পৰিচালক ৰোহিত শেট্টীৰ ছবি সূৰ্যাবংশীৰ ক্ষেত্ৰতো কৰণ জোহৰ সন্মুখীন হৈছে সমালোচনাৰ ৷ ছবিখনত দেখিবলৈ পোৱা যাব অক্ষয় কুমাৰ, অজয় দেৱগণ, ৰণবীৰ সিং আৰু কেটৰীণা কাইফক ৷ উল্লেখ কৰা অনুসৰি, এই বৰ্ষৰ ব্লকব্লাষ্টাৰ ছৱি হিচাপে পৰিগণিত হ'ব ৰোহিত শেট্টীৰ এই ছবিখন ৷

অন্য এক খবৰৰ বাবে: জম্মু-কাশ্মীৰৰ পুঞ্চত পুনৰ যুদ্ধবিৰতি উলংঘন পাক সেনাৰ

কিন্তু এই ছবিখনক লৈ হঠাতেই চলচিত্ৰ মহলত উদ্বেগ হৈছিল এক প্ৰশ্নৰ ৷ ছ'চিয়েল মেডিয়াত এই খবৰ ভাইৰেল হৈ পৰা পাছতেই ছবি পৰিচালকগৰাকী চিন্তিত হৈ পৰে ৷ ছবি সমালোচক তৰণ আদৰ্শে জনোৱা অনুসৰি, ৰিলায়েন্স এন্টাইৰটেইনমেন্টে ইয়াক সম্পূৰ্ণৰূপে ভুৱা বুলি উল্লেখ কৰিছে ৷ এনেধৰণৰ কোনো কথাই প্ৰকাশিত হোৱা নাই আমাৰ ফালৰ পৰা ৷

ইফালে, কোভিড-19ৰ ভয়াবহতাৰ বাবে ছৱিখন কেতিয়া মুক্তি দিয়া হ'ব সেই সন্দৰ্ভত কোনো তথ্য ফাদিল কৰা নাই ছবি পৰিচালক ৰোহিত শেট্টীয়ে ৷ কিন্তু দীপাৱলীৰ সময়ত ছবিখন মুক্তি পোৱাৰ পূৰ্ণ সম্ভৱনা আছে ৷

ABOUT THE AUTHOR

...view details