চিটাৰা ডেস্ক,৮ছেপ্টেম্বৰ: সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছৰে পৰা মুম্বাই আৰক্ষীৰ কৰ্তব্যনিষ্ঠাৰ প্ৰতি সন্দেহ প্ৰকাশ কৰি অহা অভিনেত্ৰী কংগনা ৰাণাৱটে এইবাৰ সতৰ্ক কৰি দিলে ছবি মাফিয়াক । বৃহৎ মুম্বাই পৌৰ নিগমে অভিনেত্ৰীগৰাকীৰ মুম্মাইৰ কাৰ্যালয়ত অভিযান চলোৱাৰ পিছতে ক্ষোভিত হৈ পৰিছে কংগনা ।
অভিনেত্ৰী কংগনা ৰাণাৱটে কয়, 'ছবি মাফিয়া, আজি আপোনালোকৰ শক্তিশালী বন্ধুৰ সৈতে লগ হৈ মোৰ চেহেৰা নষ্ট কৰিব পাৰে আৰু ই আপোনাক ক্ষন্তেকৰ বাবে সুখ দিব। কিন্তু আপুনি যদি বুদ্ধিমান হয়, তেন্তে আপুনি জানিব যে মোৰ সমাপ্তিয়েই মোৰ আৰম্ভণি ।'
লগতে কংগনাই সাৱধান কৰি দিয়ে যে 'আপুনি মোক যদি এঠাইত শেষ কৰে, তেন্তে মই আন ঠাইত ওলামগৈ ।' এই নতুন আৰম্ভণি ছবি মাফিয়াৰ বাবে অধিক কষ্টকৰ হ'ব বুলি সাৱধানবাণী শুনায় অভিনেত্ৰীগৰাকীয়ে ।
উল্লেখ্য যে, বৃহৎ মুম্বাই পৌৰ নিগমৰ বিষয়াই জাননী নোহোৱাকৈয়ে বলপূৰ্বকভাৱে কংগনাৰ মুম্বাইৰ কাৰ্যালয়ত অভিযান চলাইছে বুলি সোমবাৰে অভিযোগ উত্থাপন কৰে কংগনাই । লগতে প্ৰতিবেশীকো সোধ-পোচ কৰি আমনি দিয়া বুলি কংগনাই অভিযোগ কৰে । বৃহৎ মুম্বাই পৌৰ নিগমৰ এই অভিযানৰ পিছতে ছবি মাফিয়াক সকিয়নী দিয়ে কংগনা ৰাণাৱটে । শেহতীয়াকৈ 'Y'কেটেগৰীৰ নিৰাপত্তা প্ৰদান কৰা হৈছে অভিনেত্ৰীকংগনাক।