চিটাৰা ডেস্ক, 21 আগষ্টঃ Twitter debut ক লৈ অধিক আগ্ৰহী হৈ পৰিছে অভিনেত্ৰী কংগনা ৰানাৱট ৷ শুকুৰবাৰে নিজৰ Twitter debut ৰ বিষয়ে ঘোষণা কৰি অনুৰাগীৰ পৰা সহায়-সহযোগিতা বিচাৰে অভিনেত্ৰীগৰাকীয়ে ৷
তেওঁ মাইক্ৰ'ব্ল'গিঙত নিজৰ ভিডিঅ আপোলড কৰি "এয়া মোৰ টুইটাৰৰ পৰিয়ালৰ বাবে" বুলি প্ৰকাশ কৰে ৷ এই ভিডিঅ'টোৰ জৰিয়তে কংগনাই ছ'চিয়েল মিডিয়াত জড়িত হোৱাৰ কাৰণ প্ৰকাশ কৰে ৷
লগতে পঢ়কঃআফগানিস্থানৰ পৰা বিশেষ বিমানেৰে দিল্লীত উপস্থিত হিন্দু আৰু শিখ সম্প্ৰদায়ৰ তৃতীয়টো দল
তেওঁ কয় যে, " অভিনেত্ৰী হিচাপে মই 15 বছৰে এই জগতখনত কাম কৰিলো ৷ কিন্তু মই ছ'চিয়েল মিডিয়াৰ পৰা বহু দূৰৈত আছিলো ৷ সামাজিক মাধ্যমত যোগদান কৰিবলৈ বহু লোকে চাপ দিছিল যদিও মই এই পৃথিৱীখনৰ পৰা নিজক আঁতৰাই ৰাখিছিলো ৷ অৱশেষত মানুহে যেতিয়া মোৰ বিষয়ে আপত্তিজনক মন্তব্য প্ৰেৰণ কৰিলে তাৰ পাচতে মই ছ'চিয়েল মিডিয়াত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰো ৷"
শেহতীয়াকৈ মই সামাজিক মাধ্যমৰ শক্তিৰ বিষয়ে বুজি উঠিছো ৷ লগতে সামাজিক মাধ্যমৰ জৰিয়তে কেনেদৰে পৃথিৱীখনক এক কৰিব পাৰি এই বিষয়েও জ্ঞাত হৈছো ৷ এই সকলোবোৰে মোক অনুপ্ৰেৰণা দিছে বুলি মন্তব্য কৰে অভিনেত্ৰী কংগনা ৰানাৱটে ৷