অসম

assam

By

Published : Aug 15, 2019, 6:49 PM IST

ETV Bharat / sitara

মুক্তি পালে জ'ন আব্ৰাহমৰ 'বাটলা হাউছ'

স্বাধীনতা দিৱসৰ দিনা ত্ৰিৰংগা হাতত লৈ ছবিগৃহত উপস্থিত জ'ন আব্ৰাহম

মুক্তি পালে জ'ন আব্ৰাহমৰ 'বাটলা হাউছ'

নিউজ ডেস্ক, 15 আগষ্টঃ বলিউডৰ এক্সন ছুপাৰষ্টাৰ জ'ন আব্ৰাহম বৰ্তমান ব্যস্ত হৈ পৰিছে সদ্য মুক্তি প্ৰাপ্ত ছবি 'বাটলা হাউছ'ক লৈ ৷ 15 আগষ্ট স্বাধীনতা দিৱসতে মুক্তি লাভ কৰা ছবিখনৰ প্ৰচাৰত ত্ৰিৰংগা হাতত লৈ ছবিগৃহত উপস্থিত হ'ল অভিনেতাজন ৷

2008 চনৰ 19 নৱেম্বৰত দিল্লীৰ জামিয়া নগৰত ভাৰতীয় মুজাহিদ্দীন আক্ৰমণৰ ওপৰত নিৰ্মিত ছবিখনে মুক্তিৰ পাচতে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷ ছবিখনৰ সমূহ কলা-কৌশলীৰ লগতে জ'ন আব্ৰাহমৰ অভিনয়ে অনুৰাগীক মুগ্ধ কৰিছে ৷ আনহাতে, অভিনেতাজনৰ কেৰিয়াৰৰ এইখন সৰ্বশ্ৰেষ্ঠ ছবি বুলি মন্তব্য কৰে একাংশ অনুৰাগীয়ে ৷

ABOUT THE AUTHOR

...view details