চিটাৰা ডেস্ক, ১ মাৰ্চ: পুনৰ টি-ছিৰিজৰ সৈতে কাম কৰিলে অভিনেত্ৰী তথা নৃত্যশিল্পী ন'ৰা ফটেহীয়ে । কণ্ঠশিল্পী তথা গীতিকাৰ শচেট টেণ্ডন আৰু পৰম্পৰা ঠাকুৰৰ নতুন গীত "চ'ৰ ডেংগে"ত অভিনয় কৰিছে ন'ৰাই । গীতটিৰ দৃশ্যগ্ৰহণৰ সময়ৰ কিছু অভিজ্ঞতাৰ বিষয়ে প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে ।
তেওঁ কয় যে, দৃশ্যগ্ৰহণৰ বাবে ৪ টা নিশা নিদ্ৰাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল । গীতটিত সুন্দৰভাৱে অভিনয় কৰিবলৈ ন'ৰাই ৪০ দিন কঠোৰ অনুশীলন কৰিছিল আৰু কৰিঅ'গ্ৰাফাৰ ৰজিত দেৱই পৰিকল্পনা কৰা ধৰণে অভিনেত্ৰীগৰাকীয়ে কাম কৰিবলৈ সক্ষম হৈছিল । গীতটোৰ জৰিয়তে এটা কাহিনী দাঙি ধৰা হৈছে । সেয়ে, অভিব্যক্তিবোৰ ফুটাই তোলাতো অভিনেত্ৰীগৰাকীৰ বাবে গুৰুত্বপূৰ্ণ কাম আছিল । অৱশ্যে কামৰ মাজতো আনন্দ লোৱাৰ পৰা বিৰত নাথাকে ন'ৰা ।