অসম

assam

ETV Bharat / sitara

জনগণৰ প্ৰশ্নৰ উত্তৰ দিয়াটো গুৰুত্বপূৰ্ণ : সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত মনোজ বাজয়েপীৰ মন্তব্য়

আজিও অৱসান ঘটা নাই সুশান্ত সিং ৰাজপুতৰ আকস্মিক আত্মহত্য়াৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ । শেহতীয়াকৈ এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে সুশান্তৰ সৈতে চনচিড়িয়া ছবিত একেলগে অভিনয় কৰা অভিনেতা মনোজ বাজপেয়ীয়ে ।

By

Published : Jul 8, 2020, 7:45 PM IST

Important to answer people's questions: Manoj Bajpayee on ouotrage over Sushant Singh Rajput's death
Important to answer people's questions: Manoj Bajpayee on ouotrage over Sushant Singh Rajput's deathImportant to answer people's questions: Manoj Bajpayee on ouotrage over Sushant Singh Rajput's deathImportant to answer people's questions: Manoj Bajpayee on ouotrage over Sushant Singh Rajput's death

চিটাৰ ডেস্ক, 8 জুলাই : সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পাচত শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সুশান্তৰ সৈতে চনচিড়িয়া ছবিত একেলগে অভিনয় কৰা অভিনেতা মনোজ বাজপেয়ীয়ে । মনোজ বাজপেয়ীয়ে জনগণৰ ক্ৰোধক সঠিক বুলি উল্লেখ কৰিছে । এক সাক্ষাৎকাৰত মনোজ বাজপেয়ীয়ে বলীউডে জনগণৰ এই ক্ৰোধক গম্ভীৰ ভাৱে ল'ব লাগে বুলি উল্লেখ কৰে ।

অভিনেতাগৰাকীৰ মতে, যেতিয়া চেলিব্ৰেটী সকলে অনুৰাগীৰ প্ৰশংসা গ্ৰহণ কৰে তেনেকৈ সমালোচনাও সহ্য কৰিব লাগে বুলি কয় । যদি আপোনাৰ প্ৰতি মোৰ খং ভাৱে থাকে তেন্তে প্ৰশ্ন কৰাটো জৰুৰী বুলি কয় অভিনেতাগৰাকীয়ে । লগতে মই জনগণ শুদ্ধ বুলি কও, কাৰণ মোৰ ছবি হিট কৰাত অৰিহণা জোগাইছে । আনহাতে যেতিয়া সেই সকল লোকেই প্ৰশ্ন কৰে তেন্তে জৰুৰী যে আমি তাৰ উত্তৰ দিও । চৰকাৰেও সেয়াই কৰে বুলি কয় অভিনেতাগৰাকীয়ে ।

উল্লেখ্য যে, যোৱা 14 জুনত আত্মহত্যাৰ পথ বাছি লৈছিল প্ৰতিভাৱান অভিনেতা সুশান্ত সিং ৰাজপুতে । ইয়াৰ পাচতেই বলীউডত নেপ'টিজিম, ইনচাইডাৰ্ছ/ষ্টাৰ কিড্ছ, আউটচাইডাৰ্ছক লৈ যথেষ্ট সমালোচনা হৈছিল ।

সুশান্ত সিঙৰ অনুৰাগীয়ে একেৰাহে ছ'চিয়েল মিডিয়াত এই বিষয়ে বলীউডৰ একাংশ লোকক নানান সমালোচনা কৰাৰ লগতে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছিল । শেহতীয়াকৈ মনোজ বাজপেয়ীও সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত জনগণে কৰা প্ৰশ্নৰ উত্তৰ দিয়াটো গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে ।

ABOUT THE AUTHOR

...view details