চিটাৰা ডেস্ক,18 জুন :বলীউড চুপাৰষ্টাৰ অজয় দেৱগন (Ajay Devgn), চলমান খান (Salman Khan) আৰু ভাঞ্চালী প্ৰডাকচনছ (Bhansali Productions)য়ে শুকুৰবাৰে ছ’চিয়েল মিডিয়াযোগে ব্লকবাষ্টাৰ (Blockbuster) ছবি ‘হম দিল দে চ্যুকে চনম’ (Hum Dil De Chuke Sanam)ৰ দৃশ্যগ্ৰহণৰ সময়ত তোলা ফটো শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে ৷ কিয়নো ছবিখনে সম্পূৰ্ণ কৰিলে সফলতাৰ 22 টা বছৰ ৷
এই শুভক্ষণত ছ’চিয়েল মিডিয়াযোগে ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ৰ স্মৃতিক সুঁৱৰিছে সকলো কলা-কুশলীয়ে ৷ 1999 চনত মুক্তিলাভ কৰা ৰোমাণ্টিক-ড্ৰামা-মিউজিকেল ‘হম দিল দে চ্যুকে চনম’ ছবিখনৰ কাহিনীটো এটা ত্ৰিকোণীয়া (Love Triangle) প্ৰেমকাহিনী ৷ মুখ্য চৰিত্ৰ সমীৰ (চলমান খান), নন্দিনী (ঐশ্বৰ্য ৰায় বচ্চন) আৰু বনৰাজ (অজয় দেৱগন)ৰ মাজত আধাৰিত আছিল এই প্ৰেম কাহিনী ৷
1996 চনত প্ৰথমবাৰৰ বাবে পৰিচালক হিচাপে কাম কৰা সঞ্জয় লীলা ভাঞ্চালীৰ ছবি ‘খামোচী : দ্যা মিউজিকেল’ (Khamoshi: The Musical)ৰ পাচত এইখন তেওঁৰ পৰিচালনাত নিৰ্মিত দ্বিতীয়খন জনপ্ৰিয় ছবি আছিল ৷ সেই সময়চোৱাত মুক্তিলাভ কৰাৰ পাচত দৰ্শকৰ মাজত অধিক জনপ্ৰিয়তা লাভ কৰিছিল হম দিল দে চ্যুকে চনমে ৷ ছ’চিয়েল মিডিয়াযোগে ফটো শ্বেয়াৰ কৰি অজয় দেৱগনে কয় যে, ‘হম দিল দে চ্যুকে চনম’ৰ 22 বছৰ হ’ল ৷ তেওঁ কেতিয়াও ভবা নাছিল যে ছবিখনে বলীউডত এক ইতিহাস ৰচনা কৰিব ৷