চিটাৰা ডেস্ক,16 আগষ্টঃ অভিনেতা চেইফ আলী খান নিজৰ অভিনয়ৰ বাবে মানুহৰ মাজত যথেষ্ট জনপ্ৰিয় ৷ তেওঁ স্ব প্ৰতিভাৰে নিজৰ সুকীয়া পৰিচয় গঢ়িবলৈ সক্ষম হৈছে ৷ বলীউডৰ চকলেটী বয় খ্যাত অভিনেতা চেইফ আলী খানে অভিনয়ৰ বাহিৰেও অন্য এটা কথাৰ বাবেও চৰ্চাৰ মাজত থাকে ৷ তেওঁ পৰিচিত এগৰাকী প্ৰেমিক হিচাপে ৷ কাৰণ প্ৰেমত পৰি তেওঁ প্ৰথমবাৰ তেওঁতকৈ বাৰ বছৰ ডাঙৰ অভিনেত্ৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আকৌ থিক তেনেদৰে দ্বিতীয়বাৰ তেওঁতকৈ দহ বছৰ সৰু অভিনেত্ৰীৰ সৈতে প্ৰেমত পৰি পুনৰ বিবাহপাশত আৱদ্ধ হয় ৷
50 বছৰীয়া হ'ল চেইফ আলী খান ৷ 1970 চনৰ 16 আগষ্টত জন্ম হৈছিল বলীউডৰ নবাব চেইফ আলী খানৰ ৷ অভিনেতা গৰাকীৰ মাতৃ হৈছে বলীউডৰ প্ৰসিদ্ধ অভিনেত্ৰী শৰ্মিলা টেগ'ৰ আৰু পিতৃ জনপ্ৰিয় ক্ৰিকেটাৰ মঞ্চুৰ আলী খান পটৌডী ৷ নবাবী আন্দাজৰ বাহিৰে নিজৰ কিউটনেছৰ বাবে দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয় অভিনেতা গৰাকী ৷ চেইফ আলী খানে বলীউডত প্ৰায় দুটা দশক সম্পূৰ্ণ কৰিলে ৷ এই সময়খিনিত তেওঁ বিভিন্ন ধৰণৰ চৰিত্ৰ ৰূপায়ন কৰিছে ৷ হিৰ' আৰু একচন হিৰ' দুয়োটা ধৰণেৰে মানুহে যথেষ্ট পচন্দ কৰে অভিনেতা গৰাকীক ৷ চেইফ আলী খানে আমেৰিকাত শিক্ষা গ্ৰহণ কৰাৰ পিছত 1992 চনত বলীউডত ভৰি দিয়ে ৷ তেওঁৰ প্ৰথম ছবি আছিলপৰম্পৰা ৷ ছবি খন ফ্লপ হৈছিল, কিন্তু অভিনেতা গৰাকীৰ অভিনয়ে যথেষ্ট সমাদৰ লাভ কৰিলে দৰ্শকৰ পৰা ৷
1993 চনত অভিনেতা গৰাকীয়ে অভিনয় কৰে আছিক আৱাৰা নামৰ ছবিখনত ৷ নিজৰ এই ছবিখনৰ বাবে অভিনেতা গৰাকীয়ে নৱাগত অভিনেতাৰ শিতানত ফিল্ম ফেয়াৰ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে ৷ তাৰ পিছত মুক্তি লাভ কৰিলে তেওঁৰপেহচান, ইমতিহান, য়ে দিল্ল'গীৰ দৰে ছবি ৷ 1994 চনত চেইফেমে খিলাড়ী তু অনাড়ী শীৰ্ষক ছবিখনত অভিনয় কৰিলে অভিনেতা অক্ষয় কুমাৰৰ সৈতে ৷ আৰু তাৰ পিছৰ পৰাই অভিনেতা গৰাকী যথেষ্ট জনপ্ৰিয় হৈ পৰিল জনমানসত ৷ চেইফ আলী খান আৰু অক্ষয় কুমাৰৰ যুটিক যথেষ্ট পচন্দ কৰে দৰ্শক সকলে ৷
2004 চনটো অভিনেতা গৰাকীৰ কেৰিয়াৰৰ যথেষ্ট গুৰুত্বপূৰ্ণ বছৰ হিচাপে পৰিচিত হ'ল ৷ এই বছৰতে অভিনেতা গৰাকীয়ে হাম তুম নামৰ ছবিখনত অভিনয় কৰিছিল , যাৰ বাবে তেওঁ সৰ্বশ্ৰেষ্ঠ অভিনেতা শিতানত ৰাষ্ট্ৰীয় ফিল্ম পুৰস্কাৰ লাভ কৰিছিল ৷ তাৰ পিছৰ পৰাই তেওঁ আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাই ৷ পৰিণীতা (2005) , ঔমকাৰা (2006),তা ৰা ৰম পম( 2007), ৰেচ (2008), লাভ আজ কাল (2009), ককটেইল(2012)ৰ দৰে ছবিত অভিনয় কৰি অভিনেতা গৰাকীয়ে নিজৰ এক সুকীয়া পৰিচয় গঢ়িবলৈ সক্ষম হয় ৷
2017 চনত চেইফ আলী খানৰ কালাকাণ্ডী আৰু 2018 চনত বাজাৰ ছবিখনে মুক্তি লাভ কৰিছিল ৷ দুইখন ছবিয়ে যথেষ্ট পচন্দ কৰিছিল ৷