অসম

assam

By

Published : Jul 26, 2021, 3:28 PM IST

ETV Bharat / sitara

অভিনেতা হোৱাৰ মন কণ্ঠশিল্পী গুৰু ৰন্ধাৱাৰ

অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে কণ্ঠশিল্পী-সুৰকাৰ গুৰু ৰন্ধাৱা(Guru Randhawa) । সংগীত ভিডিঅ'ত অভিনয় কৰি নিজৰ দক্ষতাৰ আভাস দিয়া গুৰু ৰন্ধাৱাই এইবাৰ অভিনয় কৰিব এখন হিন্দী ছবিত । এগৰাকী যুৱ সংগীত শিল্পীৰ কৰ্মজীৱনৰ ওপৰত ৰচিত কাহিনীক লৈ ছবিখন নিৰ্মাণ কৰা হ'ব ।

Guru Randhawa is all set to make his debut as an actor
অভিনেতা হোৱাৰ মন কণ্ঠশিল্পী গুৰু ৰন্ধাৱাৰ

চিটাৰা ডেস্ক, ২৬ জুলাই: বলীউড ছবিত অভিনয় কৰি অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰিবলৈ মন মেলিছে কণ্ঠশিল্পী-সুৰকাৰ গুৰু ৰন্ধাৱা(Guru Randhawa)ই । ২৯ বছৰীয়া কণ্ঠশিল্পীগৰাকীয়ে কেইবাটাও মিউজিকেল ভিডিঅ'ত অভিনয় কৰিছে । কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে পূৰ্ণদৈৰ্ঘ্যৰ ছবিত অভিনয় কৰিব কণ্ঠশিল্পীগৰাকীয়ে । এগৰাকী যুৱ সংগীত শিল্পীয়ে নিজকে প্ৰতিষ্ঠা কৰাৰ বাবে অতিক্ৰম কৰা কঠিন যাত্ৰাক ছবিখনত নাটকীয় ৰূপ দিয়া হ'ব । অভিনয়ৰ কেৰিয়াৰ আৰম্ভ কৰাৰ বিষয়ত গুৰু ৰন্ধাৱাই কয় যে, নতুন দিশত খোজ পেলাবলৈ তেওঁ যথেষ্ট উৎসাহিত হৈ আছে ।

তেওঁ লগতে কয় যে, এজন শিল্পী হিচাপে তেওঁ সদায় নতুন আৰু সৃষ্টিশীল উপায়েৰে নিজকে আৱিষ্কাৰ কৰিবলৈ চেষ্টা কৰি আহিছে । ছবিত অভিনয় কৰাটোও সহজাত সিদ্ধান্ত আছিল বুলি তেওঁ মন্তব্য কৰে । অভিনয়ৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ বাবে লাভ কৰা এই সুযোগৰ বাবে তেওঁ ধন্য বুলি সন্তুষ্টি প্ৰকাশ কৰে । তেওঁ লগতে কয় যে, নতুন কিবা এটা চেষ্টা কৰোতে প্ৰত্যাহ্বান আহেই ।

এই সপোনৰ প্ৰকল্পটোত কঠোৰ পৰিশ্ৰম কৰিবলৈ তেওঁ উৎসাহিত হৈ আছে বুলি মন্তব্য কৰে । অনুৰাগীসকলে অভিনেতা হিচাপেও তেওঁক আদৰি ল'ব বুলি তেওঁ আশা প্ৰকাশ কৰে । অৱশ্যে, এতিয়ালৈকে ছবিখনৰ নাম থিৰাং কৰা হোৱা নাই ।

ছবিখন নিৰ্মাণৰ প্ৰতি সমৰ্থন আগবঢ়াইছে এণ্ডেমল শ্বাইন ইণ্ডিয়া(Endemol Shine India)ই । এণ্ডেমল শ্বাইন ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া অভিষেক ৰেগে কয় যে, গুৰু ৰন্ধাৱাৰ কামত সহযোগিতা আগবঢ়াবলৈ পাই তেওঁলোক আনন্দিত । তেওঁ লগতে কয় যে, গুৰু ৰন্ধাৱাৰ পূৰ্বৰে পৰা বহু অনুৰাগী আছে, যিয়ে নিশ্চিতভাৱে তেওঁ অভিনয়ৰ জৰিয়তে আত্মপ্ৰকাশ কৰা দেখি অতি আনন্দিত হ'ব । অৱশ্যে, বাকী কলা-কুশলীসকল সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত এতিয়াও ল'বলৈ বাকী আছে ।

লগতে পঢ়ক:মল্লযোদ্ধা প্ৰিয়া মালিকক অভিনন্দন জনাই ট্ৰ’লৰ সন্মুখীন বলীউডৰ তাৰকা

ABOUT THE AUTHOR

...view details