চিটাৰা ডেস্ক,১৬ অক্টোবৰ :'গুলাবো চিতাবো' (Gulabo Sitabo) আৰু 'চুলতান'(Sultan) চলচ্চিত্ৰত অভিনয়ৰ জৰিয়তে যথেষ্ট সমাদাৰ লাভ কৰা বিশিষ্ট অভিনেত্ৰী ফাৰুখ জাফৰ (Farrukh Jafar) আৰু নাই । শুকুৰবাৰে সন্ধিয়া প্ৰায় ৬ মান বজাত মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ । মৃত্যুৰ সময়ত জ্যেষ্ঠ অভিনেত্ৰীগৰাকীৰ বয়স আছিল ৮৯ বছৰ । অভিনেত্ৰীগৰাকীৰ জ্যেষ্ঠ কন্যাই জনোৱা মতে ফাৰুখ জাফৰ অসুস্থ আছিল আৰু এই মাহৰ আৰম্ভণিতে তেওঁক চাহাৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।
শ্বাস-প্ৰশ্বাসৰ অসুবিধাৰ বাবে ৪ অক্টোবৰত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । নাতি শাজ আহমেদে জাফৰৰ মৃত্যুৰ খবৰ টুইটাৰত শ্বেয়াৰ কৰিছে । টুইটত তেওঁ উল্লেখ কৰা মতে, স্বাধীনতা সংগ্ৰামী তথা প্ৰাক্তন বিধান পৰিষদৰ সদস্য এছ এম জাফৰৰ পত্নী অভিনেত্ৰী ফাৰুখ জাফৰৰ লক্ষ্ণৌত মৃত্যু হয় । শনিবাৰে পুৱা তেওঁৰ অন্তিম সংস্কাৰ কৰা হ'ব ।
১৯৬৩ চনত বিবিধ ভাৰতী লক্ষ্ণৌৰ প্ৰথম ৰেডিঅ' ঘোষকসকলৰ ভিতৰত অন্যতম ফাৰুখ জাফৰে ১৯৮১ চনৰ ক্লাছিক উমৰাও জানৰ (Umrao Jaan) জৰিয়তে ৰূপালী পৰ্দাৰ যাত্ৰা আৰম্ভ কৰিছিল । ইয়াত তেওঁ অভিনেত্ৰী ৰেখাৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল । পাছত তেওঁ কিছুমান টিভিৰ অনুষ্ঠানত অভিনয় কৰিছিল ৷ কিন্তু ২০০৪ চনৰ শ্বাহৰুখ খান অভিনীত 'স্বদেশ'ত অভিনয় কৰি যথেষ্ট প্ৰশংসা লাভ কৰিছিল ।