চিটাৰা ডেস্ক,১ এপ্ৰিল: থলাইভিৰ মুক্তিৰ পূৰ্বে উদয়পুৰলৈ গৈছে অভিনেত্ৰী কংগনা ৰাণাৱট । ব্যক্তিগত বিমানেৰে বৃহস্পতিবাৰে উদয়পুৰত উপস্থিত হয় অভিনেত্ৰীগৰাকী। বিমান যাত্ৰাৰ সময়ৰ ফটো টুইটযোগে শ্বেয়াৰ কৰিছে কংগনাই । ফটোকেইখনত দেখা গৈছে যে, কংগনাই মুগা ৰঙৰ পাৰীৰ বগা ৰঙৰ শাৰী পৰিধান কৰিছে ।
উদয়পুৰত উপস্থিত অভিনেত্ৰী কংগনা ৰাণাৱট - উদয়পুৰত উপস্থিত
বৃহস্পতিবাৰে উদয়পুৰত উপস্থিত হয় বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট । শুকুৰবাৰে অম্বিকা মন্দিৰ দৰ্শন কৰিব অভিনেত্ৰীগৰাকীয়ে । ছ'চিয়েল মিডিয়াৰ পোষ্টযোগে উদয়পুৰ ভ্ৰমণৰ ফটো শ্বেয়াৰ কৰিলে অভিনেত্ৰীগৰাকীয়ে ।
উদয়পুৰত উপস্থিত অভিনেত্ৰী কংগনা ৰাণাৱট
কংগনাৰ আটকধুনীয়া ফটোৱে আপ্লুত কৰিছে অনুৰাগীক । শুকুৰবাৰে অম্বিকা মন্দিৰ দৰ্শন কৰিব অভিনেত্ৰীগৰাকীয়ে । কংগনাই প্ৰায়েই আৰাধ্য দেৱী অম্বিকাক পূজা-অৰ্চনা আগবঢ়োৱাৰ বাবে অম্বিকা মন্দিৰলৈ যায় । ইয়াৰ পূৰ্বে কংগনাই ভাতৃ অক্ষতৰ বিয়াৰ সময়ত উদয়পুৰত কেইবাদিনো কটাইছিল । অক্ষতৰ বিবাহ উদয়পুৰত অনুষ্ঠিত হৈছিল ।
লগতে পঢ়ক: COVID-১৯ ত আক্ৰান্ত বাপ্পী লাহিড়ী