অসম

assam

ETV Bharat / sitara

7 বছৰৰ পাচত 'ড্ৰিম গাৰ্ল'ত একেলগে আয়ুছমান খুৰানা আৰু অনু কাপুৰ

'ভিকি ডোনাৰ'ৰ 7 বছৰৰ পাচত পুনৰ একেখন ছবিতে দেখিবলৈ পোৱা যাব আয়ুছমান খুৰানা আৰু অনু কাপুৰক ৷ বৰ্তমান 'ড্ৰিম গাৰ্ল' ছবিখনৰ শ্বুটিঙত ব্যস্ত হৈ আছে অভিনেতা আয়ুছমান খুৰানা ৷

7 বছৰৰ পাচত 'ড্ৰিম গাৰ্ল'ত একেলগে আয়ুছমান খুৰানা আৰু অনু কাপুৰ

By

Published : Apr 22, 2019, 3:49 AM IST

নিউজ ডেস্ক,22 এপ্ৰিল: 'ভিকি ডোনাৰ'ৰ পাচত এইবাৰ 'ড্ৰিম গাৰ্ল'ত আয়ুছমান খুৰানাৰ সৈতে অভিনেতা অনু কাপুৰ৷ আয়ুছমান খুৰানাৰ আহিবলগীয়া নতুন ছবি 'ড্ৰিম গাৰ্ল'ত অভিনেতাগৰাকীৰ পিতৃৰ চৰিত্ৰত দেখা যাব অভিনেতা অনু কাপুৰক ৷

'ভিকি ডোনাৰ'ৰ 7 বছৰৰ পাচত পুনৰ একেখন ছবিতে দেখিবলৈ পোৱা যাব দুয়োজন অভিনেতাকে ৷ বৰ্তমান 'ড্ৰিম গাৰ্ল' ছবিখনৰ শ্বুটিঙত ব্যস্ত হৈ আছে অভিনেতা আয়ুছমান খুৰানা ৷

7 বছৰৰ পাচত 'ড্ৰিম গাৰ্ল'ত একেলগে আয়ুছমান খুৰানা আৰু অনু কাপুৰ

ৰাজ চাণ্ডিল্যৰ দ্বাৰা ৰচিত তথা পৰিচালিত এই ছবিখন প্ৰযোজনা কৰিছে একতা কাপুৰ, শোভা কাপুৰ আৰু আশীষ সিঙে ৷ ছবিখনত মহিলাৰ মুখ্য চৰিত্ৰত দেখা যাব নুশ্ৰত ভাৰুচাক৷ চলিত বৰ্ষৰ 13 চেপ্তেম্বৰত মুক্তি পাব ছবিখনে ৷

ABOUT THE AUTHOR

...view details