চিটাৰা ডেস্ক,18 জুন : চলমান খান (Salman Khan)ৰ বলীউড ছবি ‘ৰাধে: ইয়’ৰ ম’ষ্ট ওৱাণ্টেড ভাই’ (Radhe: Your Most Wanted Bhai) ফাদিল (Leak) হোৱাৰ পাচত তামিল অভিনেতা ধনুষ (Dhanush)ৰ ছবি ‘Jagame Thandhiram’ ছবিখন অনলাইনযোগে ফাদিল (Leak) হোৱা পৰলক্ষিত হৈছে ৷ শেহতীয়া Tamilrockers আৰু Telegram চাইটত দৰ্শকৰ বাবে উপলব্ধ হৈছে ছবিখন ৷
শুকুৰবাৰে দিনৰ 12.30 বজাত নেটফ্লিক্স (Netflix)ত মুক্তিলাভ কৰা ছবিখন মুক্তিৰ পূৰ্বেই চাবলৈ উক্ত চাইটত চাবলৈ সক্ষম হৈছে দৰ্শকসকলে ৷ ছবিখনত ধনুষৰ সৈতে তামিল অভিনেতা-অভিনেত্ৰী ঐশ্বৰ্য লেক্ষ্মী (Aishwarya Lekshmi) জ’জু জৰ্জ (Joju George), কালাইয়াৰচণ (Kalaiyarasan), শ্বাৰথ ৰবি (Sharath Ravi) আৰু কেমিঅ’ চৰিত্ৰত জেমছ ক’ছমো (James Cosmo)য়ে অভিনয় কৰিছে ৷
উল্লেখ্য যে, ‘Jagame Thandhiram’ ছবিখন আৰম্ভণিতে ছবিগৃহত মুক্তি দিয়াৰ কথা আছিল যদিও ক’ভিড (Covid) মহামাৰীৰ বাবে নিৰ্মাতাসকলে ছবিখন অ’টিটি (OTT) প্লেটফৰ্মত মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ছবিখনত অভিনেতা ধনুষে এজন মাফিয়াৰ সৈতে কাম কৰা গেংগষ্টাৰৰ ভূমিকা ৰূপায়ণ কৰিছে ৷ ছবিখনৰ নিৰ্মাতাই ছবিখন অ’টিটি (OTT) প্লেটফৰ্মত মুক্তি দিয়াৰ তাৰিখলৈ অপেক্ষা কৰি থাকোতেই কোনোবা দুষ্টচক্ৰই বিনামূলীয়াকৈ ডাউনলোড কৰি ভাইৰেল কৰি দিয়ে ছবিখন ৷
ইয়াৰ এমাহ পূৰ্বে চলমান খান (Salman Khan)ৰ ৰাধে: ইয়’ৰ ম’ষ্ট ওৱাণ্টেড ভাই’ (Radhe: Your Most Wanted Bhai) ছবিখন মুক্তিৰ পূৰ্বেই হোৱটছ এপ আৰু টেলিগ্ৰামত ফাদিল হৈ পৰে ৷ 230ন কোটি টকা ব্যয়ৰে ছবিখন ক্ৰয় কৰা জি ষ্টুডিঅ’জ (Zee Studios)ই চাইবাৰ চেলত ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছিল ৷ ‘Jagame Thandhiram’ ছবিখনৰ নিৰ্মাতাসকলে এই লোকচানৰ পৰা পৰিত্ৰাণ পাবলৈ এক সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও বৰ্তমানো এই সন্দৰ্ভত বিতংকৈ জানিব পৰা হোৱা নাই ৷
লগতে পঢ়ক :কাৰ্তিক আৰিয়ান এখন ফটোৱে লগাইছে তোলপাৰ