এন্টাটেইনমেন্ট ডেস্ক, 15 জুনঃঅভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ কোনো অন্য কাৰণ নাই ৷ আত্মহত্যা কৰিছিল অভিনেতাগৰাকীয়ে ৷ প্ৰাথমিক তদন্তৰ পাছত এই কথা স্পষ্ট কৰে মহাৰাষ্ট্ৰ আৰক্ষীয়ে ৷ অভিনেতাগৰাকীৰ বাসগৃহৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা মেডিকেলৰ কাগজপত্ৰই এই কথা প্ৰমাণ কৰে যে হাইপাৰটেনছন আৰু মানসিক চাপৰ স্বীকাৰ হৈ পৰিছিল সুশান্ত ৷ তৎসত্বেও চিকিৎসকে প্ৰদান কৰা ধৰণে কোনো ঔষধ ব্যৱহাৰ কৰা নাছিল অভিনেতাজনে ৷ লক্ষণীয় বিষয় যে, আৰ্থিকভাবেও কোনো সমস্যাৰ সন্মুখীন হোৱা নাছিল সুশান্ত ৷ জানিব পৰা মতে, বেংকত পৰ্যাপ্ত পৰিমাণৰ টকা-পইচা আছিল অভিনেতাগৰাকীৰ ৷
লগতে পঢ়কঃলিডুত আটক দুই দুধৰ্ষ NSCN সদস্য
আনহাতে, সুশান্তৰ মৃত্যু সন্দৰ্ভত তেওঁৰ ঘৰৰ দুজন সহায়ক, মেনেজাৰ, চিকিৎসক তথা সুশান্তৰ প্ৰাক্তন প্ৰেমিকা অংকিতা লখণ্ডেৰ ভাষ্য নথীভূক্ত কৰিছে মহাৰাষ্ট্ৰ আৰক্ষীয়ে ৷ উল্লেখ্য যে, সুশান্তৰ পোষ্টমৰ্টেম ৰিপ'ৰ্ট অনুসৰি কোনো ধৰণৰ নিচাযুক্ত দ্ৰব্য ব্যৱহাৰ কৰা নাছিল অভিনেতাগৰাকীয়ে ৷
বিশেষ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি শীঘ্ৰেই প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীৰ সৈতে বিৱাহপাশত আৱদ্ধ হ'ল হয় সুশান্ত সিং ৰাজপুত ৷ সুশান্তৰ মৃত্যু সন্দৰ্ভত ৰিয়া চক্ৰৱৰ্তীৰ সৈতেও যোগাযোগ ৰাখিছে আৰক্ষীয়ে ৷ শনিবাৰে মৃত্যুৰ পূৰ্বে ৰিয়া চক্ৰৱৰ্তীক ফোন কৰিছিল অভিনেতাগৰাকীয়ে কিন্তু সুশান্তৰ ফোনৰ কোনো উত্তৰ দিয়া ৰিয়াই ৷ যাৰ বাবে তেওঁলোকৰ বন্ধু মহেশ ছেট্টিকো ফোন কৰিছিল অভিনেতাগৰাকীয়ে কিন্তু জীৱনৰ শেষ সময়ছোৱাত বন্ধুয়ো তেওঁৰ ফোনৰ কোনো উত্তৰ দিয়া নাছিল ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ৷